top of page

এক অভিশপ্ত ভালপোৱা

  • Sahitya Chorcha
  • Dec 25, 2020
  • 1 min read

নিবিড় নিস্তব্ধ নিসঙ্গ প্ৰহৰত কেতিয়াবা তুমি জানো মোৰ হিয়াৰ নিশব্দে সৰা অশ্ৰুৰ শব্দশুনা অনুভৱ কৰা জানো মোৰ প্ৰেম ভালপোৱা

কিয় কৰিবা – নকৰা মই যে তোমাৰ নহয় বাস্তৱ আমাৰ প্ৰেম নহয় সেন্দুৰ সনা

তথাপিও সুগন্ধি ঋতুৰ সুগন্ধিৰে যদি আঁউসীৰ আকাশলৈ চোৱা তোমাৰ প্ৰেমময় হৃদয়ত মোকেই প্ৰেম আৰু প্ৰেমেৰে ফুলি থকা দেখিবা

বুজিবা সেন্দুৰ সনা মিলনময়ী বাস্তৱ প্ৰেমে নিবিছাৰে বিছাৰে মাথোন সত্য সুন্দৰৰ সুমধুৰ সুৰীয়া আৰাধনা

আচৰিত নহ’বা সূৰ্য্যৰ পথহাৰা মৌন বিষাদ ভৰা এইয়া মোৰ অভিশপ্ত প্ৰেম ভালপোৱা

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page