উপহাস কৰিছা তুমি মোৰ প্ৰত্যেকটো কথাতে এতিয়া ৷ যিদিনা তোমাৰ হৃদয়ঙ্গম হ’ব সেই কথাৰ মৰ্যাদা তেতিয়া ৷৷ ভাবিবলৈ বাধ্য কৰাব তোমাক সময়ে মই কোৱা প্ৰতিটো কথা ৷ ভাগৰি পৰিবা সেইদিনা অনুসূচনা জাগিব হৃদয়ত তুমি যেনেকৈয়ে ভাবা ৷৷ মৰ্মেমৰ্মে উপলব্ধি কৰিবা মোক হেৰুৱাই পেলোৱা যাতনাত ৷ ৰন্ধে ৰন্ধে কম্পিত হ’ব তেজৰ চেকুৰা তুমি মোক দিয়া যন্ত্ৰণাত ৷৷ উপলব্ধি সেইদিনা কৰিবা যিদিনা তুমি প্ৰতাৰিত হ’বা আনৰ মৰমত হাবুডুবু খায় ৷ উপদেশ দিবলৈ তেতিয়া তোমাৰ কাষত নাথাকিম মই দুহাত মেলি তোমালৈ চাইচাই।
top of page
The website is being updated and edited. Please share comments on contact page.
উপহাস
Related Posts
See Allbottom of page