top of page

উতপ্ত প্ৰেমৰ তেজস্বী আহ্বান

  • Sahitya Chorcha
  • Dec 22, 2020
  • 1 min read

তোমাৰ সচেতনতা শ্যামলী অসমৰেই সজাগতা সজাগ তীক্ষ্ণ দুচকুত দুৰ্মদ হওঁক নিত্য সতৰ্কতা

স্বদেশ প্ৰেমৰ ই সত্য সিদ্ধ সংগ্ৰাম শ্বহীদৰ তেজ ৰঙা উতপ্ত আহ্বান হামচৈয়া হিৰন্ময়ী ব্যস্ত বাস্তৱতা জনম মৰণৰ সংস্কাৰী পৱিত্ৰতা

সত্য সুন্দৰ সমূজ্জ্বল য’ত জীৱন যাপণৰ উচ্চতম সাৰ্থকতা শাশ্বত ভাস্বত স্বৰ্ণমণ্ডিত য’ত মহান লক্ষ্যৰ মহত্ত্বম নিস্বাৰ্থতা

সুৰক্ষিত স্বৰ্ণালি ভৱিষ্যত গঢ়াৰ অনিৰুদ্ধ অনিৰ্বাৰ সূৰ্য্যোজ্বল নিষ্ঠা তোমাৰ তেজে তেজে জ্বলক দুৰ্বাৰ স্বদেশ প্ৰেমৰ অনিৰ্বাপিত শলিতা

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page