top of page

উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ

  • Sahitya Chorcha
  • Dec 24, 2020
  • 1 min read

উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ জলন্ত আগ্নেয়গিৰিৰ গলিত পদাৰ্থ মোৰ দুৰ্মদ দুৰ্দ্দন্ত উদাত্ত কণ্ঠ মহা বিপ্লৱ বিপ্লৱ মোৰ মহা মন্ত্ৰ জীৱন্ত অনন্ত অক্লান্ত

অন্যায় অবিচাৰ অত্যাচাৰ মোৰ অসহ্য অনাশ্ৰয়া অনাশ্ৰিতা নিষ্পেষিতৰ কণ্ঠ জগায় ভূমিকম্পৰে আনিম মহা প্ৰলয় নমাই শিল্পীৰ শিল্পৰে উভালিম বিষবৃক্ষ টুকুৰা টুকুৰ কৰিম কুৰ্বৰ বক্ষ লক্ষ্য লক্ষ্য ই মোৰ দুৰ্দান্ত দুৰ্মদ লক্ষ্য

লাচিতৰ হেংদাং হাতত তুলি পাতো আহা শান্তিৰ স্বৰ্গ পৃথিৱীত নতু হোৱা সতৰ্ক হেজাৰ জনগণৰ ঐক্যকণ্ঠ মোৰ বিপ্লৱ মহা অন্যায়ৰ ধ্বংস আৰু শান্তিৰ মহামন্ত্ৰ দুৰ্বাৰ দুৰ্মদ দূৰ্জেয় অস্ত্ৰ

লুইত মই বহ্নিমান দুৰ্বাৰ অনিৰ্বাৰ দুৰন্ত মই প্ৰশান্ত চিৰ স্বাধীন মই নহও নত নহও নহও নত

মহা বিপ্লৱ বিপ্লৱ মোৰ মহা মন্ত্ৰ দুৰন্ত দুৰ্মদ দুৰ্দান্ত অস্ত্ৰ উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ শত সহস্ৰকৌটি নিষ্পেষিতৰ আকাংক্ষিত সূৰ্য্য মই অনিৰ্বাৰ অনিৰুদ্ধ মোৰ লক্ষ্য

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page