আৰোহণ
- Jan 7, 2021
- 1 min read
জীৱনকাল কষ্টত আজীৱন, হলেও কৰিছোঁ আৰোহণ। দুখৰ বোজা কৰিছোঁ বহন, প্ৰচেষ্টা জীৱনত সানিম ৰহণ। অগ্নিৰ ডেউকা পক্ষী মন, বাধা নেওচি চুমিম গগণ। নিষ্ঠুৰ জগত ৰাখিছে হেঁচি ধৰি, নোৱাৰে ধৰিব শেষত দলিয়াম বেদনাৰ জৰী। মন বিষাদত অদম্য সাহস বুকুত, জীৱন যুদ্ধত ৰাখিছোঁ নিজকে যুগুত। লক্ষ্য ভেদাৰ তৃষ্ণা যাচিছোঁ বাসনাৰ দক্ষিণা। আকাংক্ষাৰ পৰ্বত লাঙ্ঘিম যিদিনা, আত্মাৰ সন্তুষ্টি লভিম সিদিনা। সদৌ শেষত যদিও আছোঁ ভিৰত, তেতিয়ালৈকে মোৰ সতে মোৰ যুদ্ধ অবিৰত।




Comments