top of page

আহিল বান্ধৈ ভোগালী

  • Sahitya Chorcha
  • Jan 13, 2021
  • 1 min read

অতি হেপাহৰ ভোগালী বিহুটি চাওঁতে চাওঁতে পালেহি পদূলি ভোগৰ অনেক সম্ভাৰ যাওঁ গৈ বিচাৰি জহা বৰা মাহ তিল ৰু বাছমতী আনিম মোনা ভৰাই পালিম আপোন ভোগালী বিহুটি৷

কোমল চাউল গুৰ চিৰা আৰু কল চেনিচম্পা বজাৰৰ পৰা আনিমগৈ লৈ… সকলোৱে জুটি লগাই খাম সানি সানি লগত থাকিব ম”হৰ এঠা দৈ৷

উৰুকা নিশা মহাভোজৰ কৰিম আয়োজন পঠা গাহৰি মূৰ্গী হাঁহ জহাকোমোৰা হব প্ৰয়োজন৷ বৰালি চিতল ৰৌ ভকুৱা আৰু কান্দুলী উদৰ পলাই খাম এসাঁজ দকচি দকচি৷ তিল পিঠা ঘিলা চুঙা টেকেলি আৰু কলপাত পিঠা একোৱেই এৰিবলৈ নাই … খাই লাগিব নিশ্চয় বৰ মজা ৷

ঢেকুৰচ্‌ কুচ ঢেকুৰচ্‌ কুচ্‌ ঢেঁকীৰ গুমগুমনিয়ে ৰজনজনাই প্ৰতিটো চুবুৰী চাউল তিল মাহ ভাজিৰ আমোলমোল গোন্ধত মন হ’ল বাউলী জিভাৰ ওলাল লেলাউটি পেটত ভোকৰ কৰকৰিনী বাই ভনীয়ে বনাইছে পিঠা খুন্দিছে চিৰা আৰু সান্দহগুৰী৷

ভোগালীৰ ভোগ একেলগে কৰিম সকলোৱেই ধনী দুখীয়া হিন্দু মুছলিম আমি অসমীয়া সকলো ভাই ভাই আমাৰ কোনো ভেদাভেদ নাই ৷ বিহু আমাৰ একতাৰ এনাজৰী অসমীয়াৰ৷

হৰিধ্বনিৰে জ্বলাম ভেলাঘৰ কাহিলীপুৱাৰ নিয়ঁৰ গচকি যাম আমি আগবাঢ়ি নৱ প্ৰভাতৰ হেঙুলী কিৰণ বিচাৰি বিচাৰি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page