top of page

আহাচোন কাষলৈ প্ৰেমৰ গাণ গাবলৈ

  • Sahitya Chorcha
  • Jan 19, 2021
  • 1 min read

এবুকু প্ৰেমলৈ আঁহাচোন কাষলৈ ফূলাই তোলা এই নীৰস পৃথিৱী তৃপ্ত কৰা মোৰ উৎকলিত উতপ্ত হিয়া বোৱাই অমৰ প্ৰেমৰ অমিয়া মাধুৰী

দশোদিশে আজি তোমাৰেই উমাল আপেক্ষা গছে পাতে ফুলিছে তোমাৰ ৰূপৰ ছবি তোমাৰ বাবেই আজি বলিছে বলিয়া পছোৱা উন্মত্ত বসন্ত উত্তাল গতিৰে বৈছে নিৰবধি

লাজ অভিমান এৰি থৈ প্ৰেমত বাউলীহৈ প্ৰেমৰ মদিৰালৈ আঁহাচোন কাষলৈ হালিজালি হৃদয়ত হৃদয় মিলি অমৰ প্ৰেমৰ জোৱাৰ তুলি জক্ মকাই ফুলি উঠক এই নীৰস পৃথিৱী

মিলন মাধুৰী সনা অমৰ প্ৰেমৰ গান আঁহা গাঁও হৃদয় ঢালি সেউজৰ সুৰ তুলি হিয়াৰ সুৱাস লাগি বৈ যাওঁক প্ৰেমৰ নদী অমৰ প্ৰেমৰ মূৰ্চ্ছনাময় খলকনি তুলি

বিশুদ্ধ হওঁক পৃথিৱী তোমাৰ প্ৰেমৰ সুৱাস লাগি উজ্বলি উঠক এই স্নিগ্ধ শীতল জোনাক ৰাতি লাজৰ ওৰণী আঁতৰাই আঁহাচোন কাষলৈ প্ৰেম বসন্ত হওঁক মায়াময় মিলনৰ লগৰী

দুয়োৰে বুকুত দুয়ো মিলি যাওঁ আঁহা আজি মিলনৰ মধুৰ লহৰত যাওঁ উটি ভাঁহি সত্য সুন্দৰ প্ৰেমৰ আহ্বান নকৰিবাচোন অপমান আত্মাইহে আত্মাক চিনি আদৰেৰে লয় আদৰি

চিৰ সুৰীয়া সুগন্ধি প্ৰেমত আত্মা ডুবযোৱা বাবেই প্ৰেমেৰে মাতিছো আজি তোমাক কাষৰলে প্ৰেমৰ ছন্দে ছন্দে হৃদয়ে হৃদয় বিছাৰে অকাতৰে প্ৰেম আৰু প্ৰশান্তিৰে সুন্দৰ জীৱন সজাবলে

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page