আশাৰ কোঁহপাত
- Jan 5, 2021
- 1 min read
প্ৰেমৰ ফুল ৰুইছিলোঁ বুকুত, মৰমৰ ফুল ফুলিল কাঁইটিয়া গোলাপ হৈ, এতিয়া মোৰ বুকুতে বিন্ধে, প্ৰতিক্ষণে প্ৰতিপলে।
গছ ৰুইছিলোঁ,জিৰাম বুলি শীতল ছাঁত, জিৰাব নহল ভাগৰুৱা শৰীৰ। ধুমুহাই ভাঙি নিলে ডাল পাত, এতিয়া লঠঙা গছৰ স্তিমিত আশা এজাক বৰষুণে ধুই নিয়ক সৰ্বশৰীৰ। আকৌ মেলক আশাৰ কোঁহপাত, সেউজীয়াই আবৰি ৰাখক মোৰ চৌপাশ।




Comments