আনৰ বাবে আন্তৰিকতাৰে থাকোতে লাগি সৰহ ভাগ সময়েই যায় উৰি নিজৰ বাবে সময় নেথাকে সমুলি
তথাপিও মানুহে জাপে দোষ উপৰ্যুপৰি হেঁচাঠেলা কৰি আসুৰিকতাৰ দৃষ্টিৰে চাই ঘূৰি ঘূৰি ধৰে আগভেটি
মানুহে সদায় নিজৰটোহে বুজে আনক বুজিবলৈ চেষ্টা নকৰে সমুলি সৎ বুদ্ধি সৎ ভাৱ সৎ চিন্তাৰে কোনোদিনেও নেচাই পৃথিৱী
আনৰ উন্নতি দেখি শুনি ঈৰ্ষাত মৰে জ্বলি পুৰি স্বেচ্ছাই অন্যায় অধৰ্মক সাৱতি আনৰ ফুৰে অপকাৰ সাধি
লোকৰ দোষ খোঁচৰি খোঁচৰি নিজক বিজ্ঞ বুলি প্ৰমাণ কৰি কথাই প্ৰতি শাণিত শেল মাৰি আনন্দেৰে লভে আসুৰিক শান্তি
কোনোকালে নুবুজে কিন্তু সিহঁতি নেচাই কণমানো চিন্তা চৰ্চা কৰি এইখন পৃথিৱীত আন কোনোবাইও মৌনতাৰে সিহঁতক থাকে লক্ষ্য কৰি
সন্মান বিচাৰি সন্মান নেপালেই সততে সিহঁত হিংস্ৰতাৰে উঠে গুজৰি তলে তলে বিষাক্ত বতাহ বোৱাই পৃথিৱী পেলাব খোজে বিকল কৰি
এইজাত মানুহক নল’লে ভালকৈ চিনি বাধাগ্ৰস্ত হ’বই হ’ব অমল অগ্ৰগতি এইসকল বিজ্ঞক ল’লে বিশ্বাস কৰি বিকল হ’বই জ্ঞান বিৱেক বুদ্ধি
#assamesekobita #axomiyakobita #manuhorprithivi #SahityaChorcha