top of page

আমাৰ সপোন

  • Sahitya Chorcha
  • Jan 7, 2021
  • 1 min read

মৰমৰ কেনে আছা তুমি, নিশ্চয় ভালেই। শুনা আজি বহু দিনৰ পাছত তোমালৈ বৰকৈ মনত পৰিছে, আমাৰ সপোনটোৱে ক্ৰমশঃ পাহি মেলিছে, মোৰ গাটো আগতকৈ গধুৰ হৈছে, কপাহী চাদৰখনে গা ঢাকিব নোৱৰা হৈছো, কথাবোৰ কাকো কবও নোৱাৰোঁ, মাজ নিশা যেতিয়া সাৰপাও তেতিয়া তোমালৈ মনত পৰে, নিয়ৰ সনা এই শীতৰ নিশা তুমি সাৰে আছা জাগ্ৰত প্ৰহৰী হৈ আৰু মই নিহালীৰ উমত, প্ৰতি নিয়ত তোমাৰ অভাৱ অনুভৱ হয় হৃদয়ত, তোমাৰো এনেকুৱা হয় নেকি! আৰু কি জানা মা দেউতাই সদায় কাজিয়া কৰে, মাক লাগে ল’ৰা আৰু দেউতাক ছোৱালী। মোৰ বৰ হাঁহি উঠে, মায়েতো নাজানে তোমাকো এজনী পৰী লাগে, ভোগালীত এইবাৰ মই তুমি ভালপোৱা তিলপিঠা – ঘিলাপিঠা সাজিব নোৱাৰিম, তুমি আকৌ অভিমান নকৰিবা, এইবাৰ ভোগালীতেই পৰী আহিব। তোমাৰ সপোনৰ পৰী, ৰাতিপুৱাবৰেই হল আৰু নিলিখো দিয়া ।ভালকৈ থাকিবা।

ইতি  

তোমাৰ মৰমৰ জোন

( বিঃদ্ৰঃ ফটো ফেচবুকৰ পৰা সংগৃহীত )

 
 
 

Related Posts

See All
বার্তালাপ

ডাৱৰ আজি আবৰি দিয়া পোহৰক, বৰ বিৰক্ত কৰিছে | আজি নিৰৱতাৰ গহীন এন্ধাৰৰ সৈতে এচামুচ স্মৃতি দিয়া | আৰু মোৰ মাৰ চকুৰ টোপাল সমাজক চাবলৈ নিদিবা...

 
 
 

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page