আমাৰ প্ৰেমৰ ধূলিকণা
- Sahitya Chorcha
- Jan 20, 2021
- 1 min read
তুমি আৰু মই, প্ৰেম উপচা মধুবনত। নীলিম আকাশৰ তলত, বহিছিলোঁ লুইতৰ পাৰত। খোজত খোজ মিলাই , ইজনে সিজনৰ নয়নত। সৰ্ব জগতক ভোলাই, বিলীন প্ৰীতিৰ ভাৱ বিনিময়ত। কিমান সুন্দৰ, গধূলিৰ হেঙুলীয়া আভা। প্ৰকৃতিৰ বুকুত সুৰঞ্জিত, আমাৰ প্ৰেমৰ ৰভা। আমাৰ দুয়োৰে মন, প্ৰেমৰ ৰামধেনুৰ ৰহনে সনা। চৌদিশে বিৰিঙিছিল, আমাৰ প্ৰেমৰ ধূলিকণা।
Comments