top of page

আমি সৎ কামৰ সহযাত্ৰি হোৱা উচিত

সময়ে কোনোদিনে কাৰোবাবে অপেক্ষা নকৰে , সময়ে অহৰহ বোৱতী নদীৰ পানীৰ দৰে গতি কৰি থাকে। সময়ৰ লগে লগে গৈ আছে আমাৰ সময় , সময়ৰ লগে লগে কমি গৈ আছে আমাৰ আয়ুস। সময়ৰ কেতিয়াও শেষ নাথাকে, সময়ে কেৱল গতি কৰি থাকে । কিন্তু আমাৰ এই জীৱনৰ গতি এদিন সমাপ্ত হব, যিদিনা আমাৰ মৃত্যু হব। আমি ক্ৰমান্বয়ে আমাৰ মৃত্যুৰ দিনলৈ আগবাঢ়ি গৈ আছোঁ, কিন্তু আমি ৰৈ থাকিলে নহব; সময়ৰ গতিৰ লগে লগে আমিও কাম কৰিব লাগিব, লাগিলে আমি কৰা কামটো সৰুয়েই নহওক কিয়, কিন্তু আমি কৰা কামটো সৎ হোৱা উচিত। কামৰ সৰু বৰ নাই, আমি একোৰে আশা নকৰি সৰু ডাঙৰ বিচাৰ নকৰি সকলো সৎ কামৰ সহযাত্ৰি হোৱা উচিত। চাকৰিৰ আশা নকৰি কষ্ট কৰি খেতি কৰি খোৱা লৰাজনক দেখি বহু মানুহে বা লগ-সমনীয়াই হয়তো নানা কাৰণত হাহিব পাৰে, হাহিব সহজ। কিন্তু সেই লৰাজনে চাকৰিৰ আশা নকৰি নিজে কষ্ট কৰাটো জানো বেয়া কথা? দামী সাজ পোচাক পিন্ধিলেই সকলো মানুহ ভাল নহয়। তেওলোকে ধুনীয়া দামী কাপোৰ পিন্ধি নিজকে ভাল যেন দেখোৱাই, কিন্তু বজাৰত পোৱা ধুনীয়া দামী আপেলৰো কোনোবা এটা আপেলৰ ভিতৰখিনিও কেতিয়াবা বেয়া থাকে। সকলোৱে পঢ়াশনা শেষ কৰি ঘৰতে বহি নাথাকি ঘৰৰ কামবোৰ কৰাটো দৰকাৰ। কিছুমান কাম কৰিবলৈ কিছুমান মানুহৰ লাজ লাগে। এটা কথা আমি সদায় মনত ৰখা উচিত লাজে কেতিয়াও মানুহৰ পেটৰ ভোক পূৰণ নকৰে; পেটৰ ভোক ভালদৰে চিনিপোৱা মানুহে কোনোদিনে যিকোনো সৎকাম কৰিবলৈ লাজ নকৰে। আমি সকলো কাম কৰিব লাগিব, যদি আমি সকলোৱে কাম কৰিবলৈ লাজ কৰো, তেতিয়া আমাৰ নিজৰ কামবোৰ কোনে কৰি দিব? কিছুমান মানুহে আকৌ তেওলোকৰ অহংকাৰৰ বাবে যিকোনো কাম নকৰে, সকলো বস্তুকে টকাৰে কিনিব পাৰে বুলি ভাবে, তেওঁলোকে যেতিয়া এদিন মনত অত্যন্ত দুখ পাব যেতিয়া অকনমান সুখৰ বাবে হাবাথুৰি খাব, তেতিয়া হয়তো বুজি পাব যে, লাখ লাখ টকাৰেও কোনো বজাৰতে তেওঁলোকক প্ৰয়োজন হোৱা সেই সুখ কিনিব নোৱাৰি। আমি এজনে আনজনৰ লগত ভেদাভেদ কৰাতকৈ আমি সকলো একলগ হোৱা উচিত। আমি এজনে আনজনৰ সমস্যাবোৰ আমাৰ সমস্যা বুলি ভাবি লৈ আমি সকলোৱে মিলাপ্ৰিতীৰে সমাধান কৰি গলে, এদিন হয়তো কোনো মানুহৰেই একোয়েই সমস্যা নাথাকিব। তেতিয়া হয়তো সমস্যাবোৰৰ লগতে মানুহৰ দুখবোৰো কৰবাত বিলীন হৈ যাব। আমি সকলোৱে মিলিজুলি আমাৰ অলপ সময় আমি সকলোৰে বাবে চিন্তা কৰা উচিত। আমি সকলো সৎ কামৰ সহযাত্ৰি হোৱা উচিত।

0 views0 comments
bottom of page