আমি সকলো অসমীয়া
- Dec 29, 2020
- 1 min read
আমি সকলো অসমীয়া। কোঁচ,কলিতা,আহোম , কছাৰী,কৈৱৰ্ত,বড়ো, মিচিং,বঙালী ,মজদুৰ আদি শব্দৰে আমাক ভাগ ভাগ নকৰিব ; আমি সকলোৱেই অসমত বসবাস কৰা অসমীয়া। হিন্দু,মুচলমান ,শিখ,জৈন আদি এক ঈশ্বৰৰ সন্তান। আমাৰ সকলোৰে গাত ৰঙাতেজ প্ৰবাহমান। আমাৰ মাজত ভেদা-ভেদ আনি অসমীআইক কষ্ট নিদিব, আমি এক মাতৃৰ সন্তান। একতাৰ ডোলডাল যেতিয়া শিথিল হৈ যাব আমি হৈ যাম থানবান। বিভেদতাই হৈ পৰিব অশান্তিৰ কাৰণ। একতাৰ ডোলেৰে সকলো বান্ধখাই সকলোৱে কওক “আমি অসম মাতৃৰ সন্তান।” আমি সকলো অসমীয়া।




Comments