top of page

আমন্ত্রণ (১)

  • Sahitya Chorcha
  • Jan 12, 2021
  • 1 min read

কঠিন শিলত কতা সূতাৰে গঁঠা মোৰ জীৱনৰ দীঘ বাণী পাৰিবানে বাচিব বুটা সেউজীয়া জ্বলন্ত বহ্নি শিখাৰ ৰঙেৰে ? পৰা যদি আহিবা। বাচিবা বুটা।

মাঘৰ মেঘালী ভৰা মনোৰম সন্ধ্যা উৰুষা পঁজাৰ তলৰ উদং বুকত সাত ৰঙী ৰামধেনুৰ ৰঙেৰে বোলাব ফেচাঁৰ উৰুলি শুনা জয়াল নিশাত পৰা যদি আহিবা। ৰঙেৰে বোলাবা।

মই সাৰে আছো ওৰেটো জীৱন নোবোৱা নদীৰ সিটো পাৰে ধেনুভিৰীয়া দিগন্তৰ পথেদি বোৱাব পাৰিবানে নদী পৰা যদি আহিবা। বোৱাবা নদী।

দুয়ো উটি যাম,হিয়াত হিয়া থৈ সেউজীয়া নদীৰ চিনাকি ঘাটলৈ দুৱৰিত আউজি থকা নিয়ঁৰ গচকি যৌৱনৰ প্ৰথমটো বাৰিষালৈ পৰা যদি আহিবা। চিনাকি ঘাটলৈ।

মোৰ এই নিৰস পৃথিবীক সেউজ সুন্দৰ কৰিবলৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page