আন্ধাৰ বৰ প্ৰিয়
- Sahitya Chorcha
- May 2, 2021
- 1 min read
সি দৌৰিছে প্ৰাণ টাকি বহু জোৰেৰে দৌৰিছে শৰীৰৰ সমস্ত শক্তি থুপ খুৱাই সি দৌৰিছে আন্ধাৰৰ ফালে।
কাৰণ আন্ধাৰ বৰ প্ৰিয় পোহৰলৈ বৰ ভয় তাৰ বহুত ভয়।
জীৱনত কষ্ট নকৰাকৈ গোটাই থোৱা ক’লা টকাবোৰ আন্ধাৰেহে ঢাকিব পাৰিব পোহৰত যে ই জিলিকি পৰিব।
পোহৰত তাৰ আচল মুখাখন সুলকি পৰিব বুলি বৰ ভয় তাৰ।
বাৰে বাৰে প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে প্ৰতাৰণা কৰা জনতাই আজি তাৰ চেহেৰাতো দেখিলে ঘিণ কৰিব।
আন্ধাৰৰ লগত সহবাস কৰিবলৈ যিমানে প্ৰয়াস কৰিছে সিমানেই পোহৰে তাক খেদি ফুৰিছে।
বগা পোচাক যোৰৰ আঁৰত থকা তাৰ ক’লা শৰীৰটো পোহৰত নগ্ন ভাৱে জিলিকি পৰিল।
তথাপিও যেন সি দৌৰিব খুজিছে মাথো আন্ধাৰকে সাৱটি আন্ধাৰ বৰ প্ৰিয়।
Comments