আত্মলিপি
- Sahitya Chorcha
- Apr 24, 2021
- 1 min read
আজিকালি… বৰ সহজেই আঁতৰি যায় মানুহ ইজন সিজনৰ পৰা, বৰ সহজেই ভাগি যায় সম্পৰ্কৰ বান্ধোন নৌ গঢ়োতেই আশাৰ সৌধ। বৰ সহজেই হেৰাই যায় আপোনত্ব চেনেহ,প্ৰীতি, হেঁপাহ বৰ সহজেই কৈ দিব পাৰে “পাহৰি যোৱা” বুলি। আজিকালি… বৰ সহজেই মানুহ মুক্ত হ’ব খোজে ছিঙি পেলায় প্ৰীতিৰ শিকলি, বৰ সহজেই কৈ দিব পাৰে “ভুল নুবুজিবা” বুলি। বৰ সহজেই টোপনি যায় মানুহ প্ৰিয়জনক বিদায় দি আহি, বৰ সহজেই হাঁহে,কান্দে,গল্প কৰে বিন্দাচ জীৱন কামনা কৰে। আজিকালি… বৰ সহজেই মানুহে আজুৰি মোহাৰে বুকুৰ মাজৰ ঘৰ, বৰ সহজেই মানুহে শুনিব পাৰে মৰমৰকৈ ভঙা কলিজাৰ স্বৰ। আজিকালি… বৰ সহজেই মানুহ স্বাৰ্থৰ বাটত আগবাঢ়ে কংক্ৰীট জোৱাৰত উটি যায়, হেঁপাহৰ বৰষুণ নেওচি, মৰমৰ আহ্বান গচকি অচিন পথত হেৰাই যায়। কাৰোবাৰ আশা হেৰায়, হেৰায় সপোন কোনোবাই বাট বুলে নতুন আশাৰে নতুন সপোন ৰচি বসুধা বুকুত।
Comments