top of page

অ” প্ৰিয়া

যিদিনা তুমি, আহিম বুলি কৈছিলা, এছাতি মলয়াই, কাণে কাণে কৈছিল তুমি অহাৰ বতৰা । মোৰ মন হ’ল অনাবিল, আনন্দত উতলা, নাচিছে আজি মোৰ উগুল থুগুল হিয়া । সূৰুযৰ সোণখটোৱা ৰশ্মিয়ে পাতিছে ৰঙৰ মেলা প্ৰস্তুতি, চলাইছে যে তোমাক আদৰা । থৌকি বাথৌ মনে কয় পূৰণ হ’ব মোৰ ইচ্ছা কৰিছিলো মই তুমি অহাৰ কামনা । নৈৰ সোঁতত, মেলি দিলা তোমাৰ জীৱন দিঙা । পাৰি থোৱা আছে, ৰূপোৱালী বালিৰ দলিচা । তাতে বহি কৰিম অপেক্ষা তুমি আহি মাতিবা অ” প্ৰিয়া ।

#assamesekobita #axomiyakobita #opriya #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page