বাৰ্দ্ধক্য , উস ! বাৰ্দ্ধক্যৰ কথা নুসুধিবা মোক বাৰ্দ্ধক্যৰ ছবি নেদেখুৱাবা মোক সেই দুখৰ ছবি ——- বিষাদৰ বাস্তৱ কৰুণ ছবি চাব নিবিচাৰোঁ , বাৰ্দ্ধক্যৰ উপভোগ নিবিচাৰোঁ এই ক্ষণত ।
শুকাবলৈ ধৰা গ্ৰন্থি বোৰ লেৰেলি শুকাই যোৱা মাংস পেশী বোৰ দেখিলে বৰ অশান্তি লাগে — ভয় আৰু সংশয় আহি জুপুকা মাৰে —– বৃদ্ধ পথৰ পথিক হোৱাৰ সময়ক ফুলৰ থোপাৰে স্বাগতম নজনাওঁ ।
যন্ত্ৰণাই ভাৰাক্ৰান্ত মনত দোলা দি যায় —– বৃদ্ধাৱস্থাৰ ছবি দেখিলে ভয় সোমায় — মূৰ আচন্দ্ৰনাই যায় যন্ত্ৰণাৰ কথা ভাবিলে , মন অশান্ত হৈ পৰে—– সমস্যাৰ সাগৰত ঢৌ হৈ উটিব নোৱাৰোঁ ।
সোণালী শৈশৱ—— উদণ্ড যৌৱনৰ মধুৰ সময় —- কিয় স্থায়ী হৈ নাথাকে ——– ধন দৌলত কিয় অস্থায়ী হৈ যায় —– — নিজে সজা অট্টালিকালৈ মৰম হেৰায় — নিজে ঘটা সম্পত্তি বোৰলৈ ঘৃণা ওপজে — অহংকাৰ বোৰ কিয় জহি খহি যায় ?
বাৰ্দ্ধক্য , টুলুঙা নাওত উঠা জীৱনৰ সময়—– নামোতে টুলুং ভুটুং কৰি ডুবিব পাৰে নাও, পানীত পৰিলে ককবকাই থাকিব লাগিব, নিঃসংগ জীৱনটো ১০৮ চাইৰেণ বজোৱা গাড়ীত উঠাই—– ঢাপলি মেলিব নিৰ্দ্দিষ্ট ঠাই খনলৈ , আপোন জনে হুৱাদুৱা কৰিব—- খবৰ লবলৈ যোৱা জনে ইচ আচ কৰিব।
পৌঢ়তা , এই অৱস্থা সকলোৰে চিনাকি , শোচনীয়া অৱস্থা জীৱনৰ বিয়লি বেলা—- ভগ্ন স্বাস্থ্য পৌঢ় বেলাত —— স্মৃতি ৰোমন্থন কৰা বেজাৰ লগা সময় —- ছয় ৰিপুৱে আমনি কৰে এই সময়ত, বেমাৰে খুলি খুলি খাই পৌঢ় বয়সত।
পকা চুলি, সৌন্দৰ্য বিহীন মুখ খন—— শোটোৰা পৰা গাৰ ছাল , থৰক বৰক খোজ কাটল , ধূসৰ দৃষ্টি শক্তি , আৰু সেই লাখুটি ডাল , ঘণ্টাৰ পাচত ঘণ্টা বহি থকা চকী খন, কেকাই কেকাই শুই থকা বিচনা খন পানী আৰু ঔষধৰ টোপোলা বোৰ , উস ! জীবনৰ অসহ্য এই জ্বালা যন্ত্ৰণা !
আবেগ জাগে লোভে আগুৱাই আহি জুমুৰি দিয়ে অৱহেলিত যেন লগা এটি জীৱন, চকু পানী নিগৰে হঠাৎ —– কৰুণতাই আগুৰি ধৰে চিন্তাৰ মাজত — — অতীতৰ কথা ফঁহিয়াই চোৱাৰ সময় —- এইয়াই কল্পনা বাৰ্দ্ধক্য সময়ৰ—— ইমান আলসুৱা সময় , মৰম বিচাৰি হাবাথুৰি খোৱাৰ সময়, অনিদ্ৰা আৰু স্মৃতি ভ্ৰমৰ সময় ।
বাৰ্দ্ধক্য , অতি নিদাৰুণ সময় , বাস্তৱ হেৰুৱাৰ কঠিন সময় , ধন দৌলত মোহ ভঙ্গৰ সময় , পাপ পুণ্য বিচাৰ কৰি শূণ্য উত্তৰ প্ৰাপ্যৰ সময় , নিৰাশা আশাহীন সময় , কষ্ট পোৱা আৰু কষ্ট দিয়াৰ সময় , পেচাৱ পায়খানা কৰিবলৈ যাব নোৱাৰা সময়, অজানিতে খং উঠাৰ সময় , বৰ বেদনা দায়ক নিকৰুণ, উশাহ শেষ হোৱাৰ সময় ।
বৃদ্ধাৱস্থাত সমস্যা বিপদ সীমাৰ ওপৰেদি বৈ যায় , হাঁহাকাৰত ওপঙি ফুৰে মৰ্ম্মান্তিক বেজাৰ , দুখৰ লোটক ঢল হৈ বাগৰে ভাঙি চিঙি উটুৱাই লৈ যায় সুখৰ সময় , এটি সৰু কোঠালী হয় আশ্ৰয় শিবিৰ, মৰমতে দুই এজনে মৰম যাচে—– এষাৰী মাত অমৃত যেন লগে, স্পৰ্শত মন প্ৰাণ সজীৱ হৈ পৰে ।
সোলা দাঁত, মৰহি যোৱা এজোৰী ওঁঠ , কবলৈ বিচৰা শব্দ ফুটি নোলোৱাৰ সময়, এঢোক পানী খাবলৈও শক্তি হীন অৱস্থা, কাপোৰ পিন্ধিবলৈও অসহায় , থৰ বৰক খোজ , উপভোক বুলিবলৈ দেখোন একোৱেই নাই , দুবেলা অন্ন খাবলৈও অনিচ্ছা অপাৰগ, এইয়া জীৱনৰ অৱৰুদ্ধ কৰুণতা ।
Comments