top of page

অৰুন্ধতী লৈ

মোৰ অতিকৈ মৰমৰ তই অৰুন্ধতী – তই যোজনৰ বাটত ৰৈ আছ! তোৰ উশাহত শব্দৰ কঠিয়াই মোৰ বুকু চুই যায়- তই মোৰ মানত এপাহ পাৰিজাত তই জানই নহয়: তোক কিহে সজাম মই– ফুলৰ মন্ত্ৰৰে নে? উশাহত তোৰ‌ ওঁঠত এক অমৃত মৌ কণাৰে–? তই যিয়েই বিচাৰ তাকেই দিম দে- ঐ শুনচোন — তই গোপনে গোপনে আহি থাকিবি অ’ কামচৰাইৰ ৰঙা ঠোঁট দৰে তোৰ হাঁহিটো তই কিন্তু তেনেকৈয়েই থাকিবি দেই!!

1 view0 comments

Related Posts

See All

Comments


bottom of page