অস্তমিত প্ৰাচুৰ্য
- Sahitya Chorcha
- Feb 22, 2021
- 1 min read
এটি সূৰ্যৰ মৃত্যু হৈছিল সংগ্ৰামী আত্মাৰ বিননিত জৰজৰকৈ খহিছিল লুইত পাৰৰ মাটি, কৰুণ সুৰ এটি ৰৈ ৰৈ বাজিছিল “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?” পুৱতি তৰাটি ট ট কৈ জ্বলি আছিল অস্পষ্ট নীৰৱতাত বুৰ গৈছিল দিনৰ সৌন্দৰ্য। প্ৰেয়সীৰ বিয়াৰ ৰভাতলীত ৰিণি ৰিণি ভাঁহিছিল সেই অলিখিত জীৱন গাঁথা “পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা” সোঁৱৰণিৰ শব্দবোৰ হেৰাইছে হেৰাইছে প্ৰশংসাৰ বাণী আত্মাৰ একান্ত নীৰৱতাত অনুভৱ কৰোঁ তোমাৰ সংগ্ৰামী আদৰ্শ, যুগজয়ী সত্বা। নিঃকিণ চেতনাৰ নিৰুদ্দিষ্ট কলমৰ আগে শোণিত স্পৰ্শৰ এটোপাল চিয়াঁহীৰে বিষ্ণুৰাভা তোমাক ক’ব খোজো “লগন উকলি গ’ল, তেও যে নহ’ল কোৱা”
Comentários