top of page

অসমীয়া আমাৰ প্ৰথম পৰিচয়

  • Sahitya Chorcha
  • Feb 12, 2021
  • 2 min read

অসমীয়া আমাৰ প্ৰথম পৰিচয়। অসমীয়া ভাষা আমাৰ মাতৃভাষা, আমি আমাৰ ভাষাটোক যথেষ্ট সন্মান কৰোঁ। আমি সকলোৱে আমাৰ ভাষাটোৰ ওপৰত গুৰুত্ব দিব লাগে, যাটে আমাৰ অসমীয়া ভাষাটো আমাৰ মাজৰপৰা কেতিয়াও হেৰাই যাব নোৱাৰে। আমি সকলো ভাষাকে সন্মান কৰো, কিন্তু আমি আনৰ আগত অন্য ভাষাত কথা কোৱাৰ আগতে অসমীয়া ভাষাত কথা কৈ আমি অসমীয়া বুলি অসমীয়া ভাষাৰে আমাৰ পৰিচয় দিয়া উচিত। কিন্তু আজিকালি কিছুমান মানুহে অন্য ভাষাত কথা পাতে, অসমীয়া ভাষাত কথা পাতিব নাজানে বা অসমীয়া ভাষাত কথা পাতিব লাজ কৰে। কিন্তু অসমৰ নাগৰিক হৈ অসমীয়া ভাষা নজনাতো বা অসমীয়া ভাষা কব লাজ কৰাতো জানো ভাল কথা? আমি এটা কথা মনত ৰাখিব লাগে যে, আমি আন মানুহক দেখোৱাই অন্য ভাষাত কথা পাতিলে আমি কেতিয়াও ডাঙৰ মানুহ হৈ নাযাওঁ, বৰং আমি অসমীয়া মানুহ হৈ অসমীয়া ভাষা নাজানো বুলি কলে, আমি নিজেই অসমীয়া ভাষাটোক মৃত্যুৰ মুখলৈকে ঠেলি দিয়া যেন হব। আমি অসমীয়া ভাষাৰ লগতে অন্য ভাষাও শিকাতো দৰকাৰ, কিন্তু আমি আমাৰ আপোন অসমীয়া ভাষাটোক নেওচি অন্য ভাষাত কথা পতাটো জানো শুদ্ধ বা অসমীয়া ভাষা কব নাজানো বুলি কোৱাটো জানো শুদ্ধ? আজিকালি কিছুমান মানুহে তেওঁলোকৰ লৰা ছোৱালীক ইংৰাজী স্কুলত নামভৰ্তি কৰায় , লৰা ছোৱালীক ইংৰাজী শিকাব ইচ্ছা কৰে। ভাল কথা আজিকালি লৰা ছোৱালীয়ে সৰুৰেপৰাই ইংৰাজী ভাষাও জনাটো দৰকাৰ। কিন্তু ইংৰাজী ভাষাটোৰ লগে লগে পোনপ্ৰথমে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। কিন্তু কিছুমান লৰা ছোৱালীয়ে ডাঙৰ হৈ এতিয়া অসমীয়া কব নাজানো বুলি কোৱা দেখা যায়। আমি সকলো অসমীয়া আমি আমাৰ অসমীয়া ভাষা কব নজনাতো অতি দুখৰ বিষয়। অন্য ভাষা শিকাৰ আগতে আমি আমাৰ মাতৃভাষাটো (অসমীয়া) জনাটো দৰকাৰ। কাৰণ আমি অসমীয়া হৈ অসমীয়া ভাষা কব নাজানিলে আমাৰ অস্তিত্ব একোৱেই নাথাকিব। অসমীয়া আমাৰ প্ৰথম পৰিচয়, আৰু আমাৰ পৰিচয়ক আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ। আমি অসমীয়া, আমি অসমী আইৰ সন্তান। আমি আমাৰ দেশখনৰ লগতে আমি আমাৰ মাতৃভাষাটোকো যথেষ্ট সন্মান কৰোঁ, আৰু আমি কেতিয়াও আমাৰ মাতৃভাষাক নেওচি আন ভাষাত কথা কব নোৱাৰোঁ।

Commentaires


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page