top of page

অসমাপ্ত এখন ছবি

  • Sahitya Chorcha
  • Jan 5, 2021
  • 1 min read

শিলৰ ওপৰে ওপৰে এখন প্ৰদূষিত আকাশ মাথোন শূন্যতা দূৰৈৰ শাৰী শাৰী জুই চাই থকা এটা কেঁচুৱাৰ হাতত এজাক গাভৰু বতাহ।

ধোঁৱা আৰু ধোঁৱা শিলত কটা এখন সৈনিক চিঠি। ঘোঁৰাৰ পিছে পিছে ঘূৰি ফুৰা এটা অনন্ত উশাহ এখন ব্ৰহ্মতেজোদীপ্ত মলিয়ন নীলা কাপোৰৰ হা-হুঁতাশ।

পলাশ ফুলৰ ছাঁৰে ছাতি ধৰা স্বপ্নৰ বিজুলি বাটেৰে নামি অহা এটা ৰঙা ঘোঁৰাৰ মাতত চমকি উঠি মোৰ অসহায় দিনবোৰ থমকি ৰ’লযি ৰ’লেই।

হথাৎ দেখিলো হাতত জুই লৈ বিজুলি আঁজুৰি আঁজুৰি মেঘলৈ উঠি যোৱা এটা ল’ৰা চিলাৰ দৰে।

কপট দাম্ভিক প্ৰেমৰ চলনাময় সৰলতাত সৰ্বস্ব হেৰাই গ’ল মোৰ ছবিখন অসমাপ্ত হৈয়ে ৰ’ল অসমাপ্ত হৈয়ে ৰ’ল

Σχόλια


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page