top of page

অসমৰ জনসংখ্যা,ভাষা আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি (পূৰ্বতে বাতৰি কাকতত প্ৰকাশিত)

অসমত নিগাজীকৈ বাস কৰা, অসমৰ হৈ ভাল চিন্তা কৰা, অসমৰ কৃষ্টি-সংস্কৃতিক আপোন কৰি লোৱা, অসমীয়া ভাষাক মাতৃভাষা ৰূপে গণ্য কৰা আদি সকলোকে আমি অসমীয়া বুলি বুজিব পাৰো। নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ তেনেই সহজ। কিন্তু, যোৱা ৭০ বছৰত অসমৰ জনসংখ্যা,ভাষা আদিৰ পৰিৱৰ্তনৰ দিশে লক্ষ কৰিলে বহু নতুন কথা উদ্ভাৱন কৰিব পাৰি। ২০১১ চনৰ চৰকাৰী লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যা হল ৩,১১,৬৯,২৭২ আৰু ই ২০০১ চনৰ জনসংখ্যাতকৈ ১৬•৯৩%  বৃদ্ধি হৈছে। অসমত জনসংখ্যা বৃদ্ধিৰ এই পৰিৱৰ্তন ২০ম শতিকাৰ মধ্যম সময়ৰ পৰাই আৰম্ভ হৈছে। ১৯৪১ চনৰ জনসংখ্যা ৬৭ লাখৰ পৰা ১৯৭১ চনত ১ কোটি ৪০ লাখ আৰু ১৯৯১ চনত ২ কোটি ৪০ লাখলৈ বৃদ্ধি পাইছে। অৱশ্যে, জনসংখ্যা বৃদ্ধিত অসমৰ পশ্চিম আৰু দক্ষিণে থকা জিলাসমূহত পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) ৰ পৰা প্ৰবজনে বৃহৎ অৰিহণা যোগালে। ২০১১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ ৩৩ খন জিলাৰ ভিতৰত ধাৰ্মিক তথা ভাষিক সংখ্যালঘুৰ জনসংখ্যা ধুবুৰী, গোৱালপাৰা, বৰপেটা, মৰিগাঁও, নগাঁও আৰু হাইলাকান্দি জিলাত ২০-২৪ শতাংশ বৃদ্ধি পাইছে। ঠিক তেনেকৈ পূব অসমৰ জিলাসমুহ শিৱসাগৰ, যোৰহাটকে ধৰি ৯% জনসংখ্যা বৃদ্ধি পৰিলক্ষিত হৈছে। অসমৰ ১১৫ টা জাতীয় জনগোষ্ঠীৰ ক্ষেত্ৰত কৰা অধ্যয়ন অনুযায়ী ৭৯ গোষ্ঠী (৬৯%) লোকে জাতীয় অসমীয়া বুলি, ২২ গোষ্ঠী (১৯%) লোকে থলুৱা বুলি আৰু ৩ গোষ্ঠীয়ে প্ৰবজনকাৰী বুলি নিজকে পৰিচয় দাঙি ধৰে। ২০১১ চনৰ লোকপিয়ল অনুযায়ী বুজিব পাৰি যে অসমৰ জনসংখ্যাৰ ৬১.৪৭ শতাংশ হিন্দুৰ প্ৰায় ১,৬৫,০০০০০ লোকে অসমীয়া বুলি পৰিচয় দিয়ে যদিও ইয়াৰ মাজত বহুখিনি ছদ্মবেশী অসমীয়া অন্তৰ্ভুক্ত হৈ আছে , ৩৪.২২ শতাংশ মুছলমান, ৩.৭8% খ্ৰীষ্টিয়ান আৰু বাকী অন্যান্য জাতিৰ। একেদৰে, অসমৰ মুঠ জনসংখ্যাৰ অসমীয়া বুলিবলৈ ১,৩২,৫৭,২৭২ (৭৫.৫২%) থলুৱা অসমীয়া, ২৮,৩০,০৭২ (২১.৩৪%) মুছলমান আৰু ৪,১৪,১৮৭(৩.১৪%) খ্ৰীষ্টিয়ান ও শিখ সম্প্ৰদায়ৰ। মোগলৰ শাসনকালত অসমত নিবাসী বহু হিন্দু মানুহক মুছলমান বা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰণ কৰা হৈছিল। সেইসকল হল অসমীয়া মুছলমান। সেইসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰে।

অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ৪৫ টা ভাষাৰ ব্যৱহাৰ হৈ আহিছে। তাৰ ভিতৰত অসমীয়া, বড়ো আৰু বঙালী ভাষা প্ৰধান। ২০১১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ ৪৮.৩৪ শতাংশই অসমীয়া , ২৮.৯২ শতাংশই বঙালী , ৪.৫৪ শতাংশই বড়ো, ৬.৭৩ শতাংশই হিন্দী আৰু বাকীয়ে শাড্ৰী, মিচিং, নেপালী, কাৰ্বি, উৰিয়া, চানতালি, মণিপুৰী, গাৰো ও অন্যান্য ভাষা ব্যৱহাৰ কৰি আহিছে। অসমীয়া হল অসমৰ চৰকাৰী ভাষা, বড়ো বড়োলেণ্ড টেৰিটোৰিয়েল কাউন্সিলৰ আৰু বঙালী ভাষা বিশেষকৈ বৰাক ভেলীৰ তিনিখন জিলাত ব্যৱহাৰ হৈ আহিছে। হোজাই জিলাত বঙালী (চিলহেটী) ভাষা খুব জনপ্ৰিয়। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা অংশই মাতৃভাষা অসমীয়া গ্ৰহণ কৰে আৰু বৰ্তমান সময়ত অসমীয়া ভাষাৰ প্ৰচলন লাহে লাহে আগতকৈ কমিহে আহিছে। অসমত প্ৰায় ৯০ লাখ মানুহে বঙালী ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষাৰ প্ৰচলন দিনক দিনে বাঢ়ি অহা পৰিলক্ষিত হৈছে। হিন্দী ভাষাটো অসমত তৃতীয় ভাষাৰূপে গণ্য কৰিব পাৰি। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে অসমীয়া বুজি পোৱাৰ লগতে নিজৰ নিজৰ ভাষিক পৰিচয় কিন্তু নিজৰ মতেহে প্ৰকাশ কৰে। জনসংখ্যা বৃদ্ধি আৰু বিভিন্ন ভাষিক ধাৰ্মিক মানুহৰ বৃদ্ধি ৰাজ্য বা দেশৰ উন্নতি বা অৱনতিত এটা বৃহৎ প্ৰভাৱ পেলায়। উত্তৰ পূব ভাৰতৰ সীমান্ত ক্ৰমে বাংলাদেশ, ভূটান, চীন আৰু ম্যানমাৰ চাৰিখন দেশে আগুৰি আছে। ৰাজনৈতিকভাৱে সীমান্তবোৰ ভাগ কৰা হৈছে যদিও প্ৰবজন হোৱাৰ বিভিন্ন পথ এতিয়াও উন্মুক্ত বুলি নুই কৰিব নোৱাৰি। ধৰ্ম আৰু ভাষাৰে অসমৰ জনসংখ্যাৰ পৰিৱৰ্তনত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে। আগন্তুক দিনত সীমান্তৰ দেশসমূহৰ পৰা অসমলৈ প্ৰবজনে অসমৰ লগতে ভাৰতৰ ভৌগোলিক মানচিত্ৰও সলনি কৰাটো অসম্ভৱ নহয়।

দেখা গৈছে যে জনগোষ্ঠীয় এলেকাত বাংলাদেশী মুছলমানে থিতাপি লৈ নিজকে অসমীয়া সজোৱাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। থিতাপি লোৱা উক্ত অঞ্চলত হোজা জনগোষ্ঠীয় মানুহক লাহে লাহে উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰে। কিছুমানে অসমীয়া ভাষা শিকি লাহে লাহে উজনিলৈ গমন কৰে আৰু উজনিৰ মুছলমানসকলে তেনে লোকক আদৰি লোৱাত নিজকে থলুৱা অসমীয়া (ছদ্মবেশী) বুলি স্বীকৃত কৰি লয়। ১৯৫১-২০০১ লৈ লোকপিয়ল লক্ষ্য কৰিলে দেখা যায় যে অসমৰ হিন্দু জনসংখ্যা ৭.২ শতাংশ অৱনমিত হৈছে, মুছলমান জনসংখ্যা ৬ শতাংশ বৃদ্ধি পাইছে আৰু খ্ৰীষ্টিয়ান ও অন্যান্য ১.৭ শতাংশ বৃদ্ধি পাইছে । আচৰিত হবলগীয়া যে বৰ্তমান ভাৰতবৰ্ষত জম্মু কশ্মীৰৰ পিছতেই অসমে হল দ্বিতীয় মুছলমান বসতিপ্ৰধান ৰাজ্য। উত্তৰ পূব ভাৰতত বিভিন্ন ভাষিক ও সংস্কৃতিৰে পৰিপূৰ্ণ ৰাজ্য হল অসম। অসমত থকা বহুসংখ্যক জনগোষ্ঠীয়ে ঠাই ভেদে বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰে আৰু এই ভাষা লাগি থকা প্ৰতিবেশী জনগোষ্ঠীয়েও বুজি নাপায়। ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ ৪৯% য়ে অসমীয়া আৰু ২৮% য়ে বঙালী ভাষা ব্যৱহাৰ কৰে। উক্ত পিয়লৰ মৰ্মে অসমত ২৩ টা স্বীকৃত ভাষা ক্ৰমে বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, চাকমা, ডিমাচা, কচাৰী, গাৰো, খাচী, জয়ন্তীয়া, হোজাই, মেচ আদি। অসমত বহুসংখ্যক জনগোষ্ঠী থকাৰ বাবে অস্বীকৃত ভাষা প্ৰচলিতৰ সংখ্যা বেছি। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং ও শোনিতপুৰ জিলাত প্ৰায় ১ লাখ মানুহে বড়ো ভাষা, লক্ষীমপুৰ আৰু ধেমাজি জিলাত প্ৰায় ১ লাখ মানুহে মিচিং ভাষা, কাৰ্বিআংলং জিলাত প্ৰায় ৩ লাখ মানুহে কাৰ্বি ভাষা, গোৱালপাৰা জিলাত প্ৰায় ৬০ হাজাৰ মানুহে গাৰো, শোনিতপুৰ জিলাত প্ৰায় ১ লাখ মানুহে নেপালী ভাষা, তিনিচুকীয়া জিলাত প্ৰায় ৮০ হাজাৰ মানুহে হিন্দী ভাষা ব্যৱহাৰ কৰে। ১৯৫১-২০০১ চনলৈ হোৱা লোকপিয়লৰ মতে বঙালী ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৬% বৃদ্ধি পাইছে কিন্তু অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা ৭% অৱনমিতহে হৈছে। ১৯৯৮ চনত প্ৰাক্তন ৰাজ্যপাল এছ. কে. সিনহাই দিয়া ৰিপৰ্ট অনুযায়ী অবৈধ বিদেশী প্ৰবজনৰ বাবে অসমীয়া মানুহ নিজৰ ৰাজ্যতে সংখ্যালঘু হবলৈ গৈ আছে। অসমৰ জিলা ভিত্তিত হোৱা অনুভৈৱিক বিশ্লেষণৰ মতে মুছলমান আৰু বঙালী ভাষা ব্যৱহাৰ কৰা মানুহৰ জনসংখ্যা খুব বেছিকৈ ১৯৫১-২০০১ চনৰ ভিতৰত অন্য ধৰ্ম বা ভাষিক মানুহৰ তুলনাত বৃদ্ধি পাইছে।

অৱশ্যে, এই জনসংখ্যা বৃদ্ধি অকল প্ৰাকৃতিক নহয়। মুছলমান সম্প্ৰদায়ৰ প্ৰাকৃতিক জনসংখ্যা বৃদ্ধি অসম আৰু বাংলাদেশৰ প্ৰায় একে। জনসংখ্যা বৃদ্ধিয়ে অসমত থকা থলুৱা অসমীয়ালৈ সকলো স্তৰতে সমস্যাৰ সৃষ্টি কৰিবলৈ ধৰিছে। এইটো চিৰন্তন সত্য যে এনে হাৰতেই অসমত ধাৰ্মিক ও ভাষিক জনসংখ্যা বৃদ্ধি হৈ থাকিলে অসমীয়া আগন্তুক কিছু বছৰত সংখ্যালঘুলৈ অৱনমিত হোৱাটো অসম্ভৱ নহয়। (তথ্য সংগৃহীত)

#SahityaChorcha #asomorjanasankhyabhashaaruasomiyaroshtitworpratibhabuki #axomorjanasankhyabhashaaruaxomiyaroshtitworpratibhabuki #axomiyaprabandha #assameseprabandha

0 views0 comments
bottom of page