top of page

অযুত মৰমৰ নিযুত কণা

  • Dec 28, 2020
  • 1 min read

মিচিকিয়া হাঁহিৰে বাৰু কোন তুমি ৰূপহী ৰম্ভা, মেনকা কিম্বা আন অপেশ্বৰী। তোমাৰ দেহৰ ৰূপ লাবন্যই যৌৱন উতলা কৰে উঠন বুকুৰ কমনীয়তাই সোণত সুৱগা চৰে। প্ৰেম বিৰহত জৰ্জৰিত হৈ পোৱা নাই থাউনি উঠলি উঠিছে হৃদয়ত আজি যৌৱনৰ অগনি। হৃদয়ে বিচাৰে তোমাৰ মৰম হিয়া উজাৰি দিবানে বাৰু শান্তনা মোক নিৰাশা নকৰি। ৰমণী প্ৰজ্বলিত পতংগৰ লগত অগ্নিশিখাৰ আলিংগন পিয়াহৰ লগত পানীৰ যি মধুৰ মিলন যৌৱনে বিচাৰে তোমাৰ মৰম হৈ উচাটন দিবানে বাৰু অন্তৰত মোৰ চেনেহৰ আলিংগন। তোমাৰ প্ৰেমৰ সাগৰত মই উটি ভাঁহি ফুৰিম অযুত মৰমৰ নিযুত কণা তোমাৰ অন্তৰত ঢালিম। তোমাৰ মৰমত নিমজ্জিত হৈ সৰগৰ সপোন ৰচিম সুখ দুখৰ সংসাৰ খনি দুয়ো লগ হৈ পাতিম।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page