top of page

অমিয়া প্ৰেমৰ চানেকি

  • May 28, 2021
  • 1 min read

বিমুৰ্ত নিশাটিত তোমাৰ সান্নিধ্যই উমাল কৰা সময়বোৰ বৰ মিঠা।

মোৰ কৰ্ণ গহ্বৰত তোমাৰ কম্পিত ওঠৰ অস্ফুট শব্দবোৰ বৰ মধুৰ।

তোমাৰ লাৱনি দেহৰ প্ৰতিটো ভাঁজত মোৰ হাতে স্পৰ্শ কৰা মুহুৰ্ত খিনি অতি চঞ্চল।

দুয়োৰে ওঠৰ স্পৰ্শত নি:সৃত অনুভুতিৰ কম্পনে দিয়ে অনাবিল আনন্দৰ জোৱাৰ।

দুয়ো দূয়োতে বিলিন হোৱা সময়ৰ খোজত পৰি ৰ’ব যেন অমিয়া প্ৰেমৰ নিবিড় চানেকি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page