top of page

অভিসাৰৰ দীঘলীয়া নিশাবোৰ

অভিসাৰিকা মই, জীৱন বন্দী ৰঙীন স্বপ্ন নগৰীত, এপিয়লা সুৰাৰ ৰাগিত, পাহৰিলোঁ‌ এৰি অহা কোমল জীৱন।

লম্পট পুৰুষ তোমালোক, কামদেৱ হিচাবে স্থান প্ৰথম শাৰীত।

অহা যোৱা কৰা নিশাৰ আন্ধাৰত বিচাৰি আহা যৌৱনৰ উঠন বুকু, অভিসাৰিকাৰ নঙঠা শৰীৰ।

বন্ধ গলিত কটাইছো জীৱন, কোনেও এদিনো সোধা নাই, জীৱন কাহিনী আমাৰ।

যৌৱন সদায় ৰৈ নাথাকে সদায় যৌৱন জীৱিকাৰ সম্পদ হৈ নাথাকে।

অনুভুতি আমাৰো আছে সৎ সংস্থাপন আমিও অনুভৱ আমিও কৰো।

আমি লেতেৰা গলিৰ উপভোগৰ অভিসাৰিকা হৈ থাকিব নিবিচাৰো।

দিনৰ পোহৰত অভিজাত পুৰুষ তোমালোক, কামনা খেপিয়াই ফুৰা গোপনে নিশাৰ আন্ধাৰত।

তোমালোকৰ অৰ্জ্জিত কলা ধনৰ বিনিময়ত দৰদাম চলে আমাৰ কামনাৰ।

প্ৰথম নিশাৰ নষ্ট পুৰুষ, লেতেৰা শৰীৰ হৈ পৰে আমাৰ অভিসাৰত।

বক্ৰ পথেৰে অৰ্জ্জিত পুজি, দলিয়াই থৈ গৈছা লেতেৰা বিচনাত।

অভিসাৰিকা আমি আমি সমাজ বন্ধকত লোৱা নাই, নষ্ট কৰা নাই আমাৰ সমাজ।

ৰাতিৰ আন্ধাৰত কামনা বিচাৰি আহা সেই বাবে তোমালোক লেতেৰা নোহোৱা।

নিশাৰ আন্ধাৰত সুখৰ আধাৰ বিচাৰি লোৱা উগ্ৰ প্ৰসাধনৰ গোন্ধৰ মাজত।

দুৰ্গন্ধৰ গোন্ধত সুগন্ধি বিচাৰি পোৱা, সমাজ স্খলিত তোমালোকেই কৰা, তথাপিও তোমালোক অভিজাত সমাজৰ।

#assamesekobita #axomiyakobita #obhixarardigholiyanixhabur #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page