top of page

অভিশপ্ত দিনবোৰৰ অৱসান ঘটক

  • Sahitya Chorcha
  • Jan 2, 2021
  • 1 min read

বনজুইকোৰা বুকুত আজিও জ্বলি আছে ভাহি আহে নিৰিহ বন্যপ্রাণীৰ আৰ্ত্তনাদ মাৰ যোৱা নাই বাগজানৰ উত্তাপ আপোনজনক হেৰুৱাই ক্ষত-বিক্ষত হৃদয় শংকা আজিও আঁতৰা নাই মহামাৰি ক’ৰণাৰ… সময় গতিশীল থমকি ৰোৱাৰ অৱকাশ নাই জন্মৰ আনন্দত অথবা মৃত্যুৰ যন্ত্রণাত জীৱনৰ পদুলি গৰকী পাৰ হৈ যায় পল অণুপলে দিন মাহ বছৰ দুখৰ চোলাটোতে সুখৰ টাপলি মাৰি সপোন দেখোঁ অনাগত ভবিষ্যতৰ বন্দীশালৰ দুৱাৰ খুলি ডেউকা কোবাই উৰাৰ দূৰন্ত হেঁপাহ হেঁপাহ আকাশ চোৱাৰ আশা কৰোঁ সেয়ে হওক হেপাহৰ বন্যা বোৱাই বৈ আহক আকাশী গংগা অসূয়া অপ্রীতি মাৰি মৰক,মহামাৰি নিশেষ হওক নিপাত যাওক সেই বিধ্বংসী অনুজীৱ বিভিষীকাময় দিনবোৰ… মাস্ক চেনিটাইজাৰ সামাজিক দূৰত্বৰ পৰিসমাপ্তি ঘটক নৱবৰ্ষই (2021)কঢ়িয়াই আনক সুখ সমৃদ্ধিৰে পূৰ্ণ এখন মুকলি আকাশ সফলতাৰ এটা সেন্দুৰীয়া বাট সেউজীয়া পৃথিবী ভৰুণ হওক হিৰন্ময়ী হওক মোৰ আইৰ চোতাল উজ্জ্বীবিত হওক এটা নতুন পুৱা |

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page