অভিযাত্ৰী মই
- Sahitya Chorcha
- Dec 25, 2020
- 1 min read
সূৰ্য্য পথৰ অভিমানি অভিযাত্ৰী মই আন্ধাৰ দেখি নহওঁ ত্ৰস্ত
বিশ্বপ্ৰেম মানৱপ্ৰেমেৰে সদা সজ্জিত মই কবিত্বই মোৰ মৃত্যঞ্জয়ী গায়ত্ৰী মন্ত্ৰ
সত্য প্ৰেম সততা ন্যায় সহৃদয়তা অনিৰুদ্ধ অনিবাৰ্য সবল সতীৰ্থ
সুন্দৰ সৃষ্টিময়ী কবিত্বই মোৰ নিবিড় নিৰলস সাধনা
মই নহওঁ পৰাস্ত নহওঁ ব্যৰ্থ সূৰ্য্য পথৰ অভিযাত্ৰী মই নহওঁ নহওঁ ক্ষান্ত
Comments