অভিমানী হিঁয়াখনি
- Sahitya Chorcha
- Mar 18, 2021
- 1 min read
শেহতিয়া ফাগুনৰ ব’তাহ জাকত নীৰৱে, উৰি যাব ধৰিছে তোমাৰ, বিষাদ ভৰা অভিমানী মন।
সৰি পৰা ফুলৰ পাপৰিৰ দৰে মৰহি যাব ধৰিছে তোমাৰ হিয়াখন।
জেঠুৱা খৰাঙত ফাট মেলা হৃদয়খন ফাগুনৰ বা লাগি হ’ল এডৰা শুকান বাকৰি।
এতিয়া বসন্তৰ আগমনত জিৰ জিৰ কৈ পৰিব, বৰষুণৰ টোপাল বোৰ।
মোৰ মনাকাশৰ পৰা তোমাৰ অভিমানী হিঁয়াত।
ফেনেফোটোকাৰে উফণ্ডি উঠিব তোমাৰ আবেগ ভৰা হৃদয়খনি।
জীপাল কৰি ৰাখিম মই আবেগ ভৰা তোমাৰ হৃদয়ৰ সাগৰত সাতুৰি নাদুৰি তৃষ্ণা পুৰাবলৈ।
Comments