top of page

অভিমানী হিঁয়াখনি

  • Mar 18, 2021
  • 1 min read

শেহতিয়া ফাগুনৰ ব’তাহ জাকত নীৰৱে, উৰি যাব ধৰিছে তোমাৰ, বিষাদ ভৰা অভিমানী মন।

সৰি পৰা ফুলৰ পাপৰিৰ দৰে মৰহি যাব ধৰিছে তোমাৰ হিয়াখন।

জেঠুৱা খৰাঙত ফাট মেলা হৃদয়খন ফাগুনৰ বা লাগি হ’ল এডৰা শুকান বাকৰি।

এতিয়া বসন্তৰ আগমনত জিৰ জিৰ কৈ পৰিব, বৰষুণৰ টোপাল বোৰ।

মোৰ মনাকাশৰ পৰা তোমাৰ অভিমানী হিঁয়াত।

ফেনেফোটোকাৰে উফণ্ডি উঠিব তোমাৰ আবেগ ভৰা হৃদয়খনি।

জীপাল কৰি ৰাখিম মই আবেগ ভৰা তোমাৰ হৃদয়ৰ সাগৰত সাতুৰি নাদুৰি তৃষ্ণা পুৰাবলৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page