top of page

অভিমানী প্রিয়া

  • Dec 29, 2020
  • 1 min read

তুমি খং কৰা মই তোমাৰ অভিমান ভাঙিম।

তুমি নামাতিলেও মই তোমাক মাতিম।

জানা নে তোমাৰ অভিমানোযে মোৰ প্ৰিয়।

কিন্তু এই অভিনমান বোৰ অভিমান হৈয়েই থাকিবলৈ দিবা।

অভিমান বোৰ যেতিয়া অহংকা বা জেদ হৈ যায় তেতিয়া,

তেতিয়া জানানে কাঁচৰ দৰে ঠুনুকা হৃদয় খনো ভাঙি চুৰ্মাৰ হৈ যায়।

প্ৰেমৰ ফুলনিত খিলখিলাই হাঁহি থকা ফুলপাহো শুকাই মৰহি সৰি পৰে।

প্ৰিয়া তুমি মোৰ স্তব্ধ হৃদয়ৰ হৃদয়ৰ স্পন্দন।

তুমি মোৰ ভাষা বিহীন সুখ। তুমি মোৰ অবুজ মন।

তুমি মোৰ জীৱনৰ আশা। য’ত তুমি তাতেই মই।

তুমি মোৰ জীৱনৰ ৰং। তুমি মোৰ চাৰি ঋতু।

শীতৰ তুমি কোমল ৰ’দ। গ্ৰীষ্মত তুমি শীতল বতাহ। বাৰিষাৰ তুমি বৰষুণ। আৰু বসন্তত, বসন্তৰ তুমি মোৰ মনত ফুলা ন-কুঁহিপাত, সুখ, শান্তি ,আনন্দ, ফুৰ্তি।

তুমি মোৰ বেসুৰীয়া গীতৰ গুণগুণনি। তুমি মোৰ মিলনথকা কবিতাৰ ছন্দ।

তুমি বোৱতী নৈ, আৰু মই তোমাৰ সোঁত।

মই নিজৰাহৈ বৈ গৈ তোমাৰ বিশাল সাগৰৰ বুকুত হম লীন।

তুমিযে মোৰ অভিমানী প্রিয়া।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page