top of page

অভিমানী আবেগ

সুকুমল হৃদয়ত ওপজে , আবেগৰ গভীৰ অনুভৱ।

এদিনো জুখি চাব পৰা নাই, অনুভৱ কিমান মধুৰ!

সাগৰৰ গভীৰতা , কিদৰে জুখিম , জুখিব নাজানোঁ‌ আবেগৰ অনুভৱ।

সংজ্ঞা বিচাৰিব নাজানোঁ‌ , কিদৰে আছে একাঁ‌জলি অনুভৱ হিয়াৰ মাজত!

দূৰৈত থাকিলে মই , খেপিয়াই বিচাৰোঁ‌ অনুভৱ তোমাৰ, কিজানিবা ওচৰতে পাওঁ‌।

আবেগে আমনি কৰিলে, চকুলো নিগৰে মোৰ , কাষত বিচাৰো তোমাৰ অনুভৱ।

জানানে ? অনুভৱ মোৰো আছে , আবেগ পুহিছোঁ‌ মই সৰু হৃদয়ত।

আবেগৰ মাজত অভিমান লৈ বিচাৰোঁ‌ তোমাক।

0 views0 comments

Related Posts

See All

Comments


bottom of page