“অভিমান”
- Sahitya Chorcha
- Feb 4, 2021
- 1 min read
সাগৰৰ গভীৰতা আৰু আকাশৰ বিশালতা দেখি মই খন্তেকৰ বাবে হ’লেও হেৰাই যাব বিচাৰো সেইবোৰৰ মাজত। মনৰ মাজত ঠাহ খাই থকা দগ্ধ হিয়াৰ মান,অভিমানবোৰ বিলাই দিব বিচাৰো সাগৰৰ দৰে উদাৰ গভীৰ বক্ষত, আৰু আকাশৰ সীমাহীন নীলা খিনিৰ মাজত।
মত্যত জানো আছে এনে কোনো যি আনৰ মান, অভিমানক মূল্য দিয়ে। সেয়ে, এতিয়া মনৰ ভিতৰত গজালি মেলা অভিমানবোৰে নীৰব দৰ্শকৰ দৰে মিলি যাব খোজে অসীমৰ নীৰবতাত। নিস্তব্ধতাৰে পাৰ কৰা প্ৰতিটোমূহুৰ্ত বন্ধা আছে মোৰ হৃদয় ডায়েৰীৰ পৃষ্ঠাত। সময় সলনি হ’ল সলনি নহ’ল মোৰ আকোৰ গোজ মনটো। সেই বাবেই মোৰ অতিকে ভাল লাগে মোৰ ৰঙা ,নীলা চিয়াহীৰ কলমটো আৰু বগা কাগজ খিলা য’ত মই মনৰ হেঁপাহেৰে ব্যক্ত কৰিব পাৰো আবেগেৰে খামোচা মাৰি ধৰি ৰখা অভিমানবোৰ।
Comentarios