top of page

অপেক্ষা মাথোঁ তোমালৈ

প্ৰতিটো পলতে মোৰ হৃদয়ত অনুৰণিত হয় তোমাৰ গীতৰ কণ্ঠ আৰু দুচকুত ভাঁহি উঠে তোমাৰ জীয়া প্ৰতিচ্ছবি খন।

বাৰে বাৰে আমনি কৰে মোৰ হৃদয়ত মাজনিশা প্ৰতিধ্বনিত হোৱা তোমাৰ সুৰীয়া গীতৰ ধ্বনিয়ে।

মোৰ দৰে অচিন পক্ষীৰ বাবে তোমাৰ চিনাকি নৈৰ ঘাটত হবনে এধানি ঠাই জিৰাবলৈ? দিবানে তোমাৰ মনপদূলিত বহি নিৰৱে শুনিবলৈ তোমাৰ কণ্ঠৰে এফাকি মতলীয়া কৰা বিহুগীত?

তোমাৰ পৰা বহুত দূৰত থাকিও অপেক্ষা কৰিছোঁ মাথোঁন তোমাৰ সুৰৰ সাগৰত সাঁতুৰি নাদুৰি তৃষ্ণা পুৰাবলৈ?

পাৰা যদি দিয়া তুমি পাৰলৈ তুলি তোমাৰ গীতৰ সুৰৰ তালে তালে নাচি নাচি পলুৱাম হৃদয় বাসনা।

এতিয়া আছোঁ মাথোঁ তোমালৈ বাট চাই ব্যাকুল হৃদয় খন লৈ পাগলী প্ৰেমীকা হৈ অপেক্ষাৰ পদূলিত বহি।

#SahityaChorcha #waitingforyou #axomiyakobita #Opexa #assamesekobita

0 views0 comments

Related Posts

See All
bottom of page