top of page

অনিৰ্বাপিত শলিতাৰে আৰ্নিবান জ্বলিব প্ৰেমৰ জুই

  • Sahitya Chorcha
  • Jan 16, 2021
  • 1 min read

একাজলি প্ৰেমৰ খোজত খোজকঢ়ি সদ্যস্নাতা মইজনী জপিয়াই জপিয়াই দুৰ্বাৰ ক্লান্তিহীন বতাহৰ কোৱত দাঙ খাই খাই উৰিছো এঠাইৰ পৰা আন ঠাইলৈ।

দূৰ্বোধ্যতাৰ চেঁচা সান্নিধ্যৰ মাজত অৰ্ধভস্মীভূত হৈ ভাঁহি ভাঁহি ক’লা ডাৱৰৰ গভীৰ বক্ষত উৰিছো এপাহি ফুলৰ সন্ধানত।

প্ৰেমদীপ্ত নয়নাৰ সজল প্ৰেম স্বৰ্ণকমল জ্যোতিৰে আজন্ম সৃষ্টি কৰি তড়ীৎবেগী সমূজ্জ্বল হিৰন্ময়ী, অন্ধকাৰত আচ্ছন্ন মই সিদ্ধ শ্যামলী বিচাৰিছো দুৰ্বাৰ সজল প্ৰেমৰ প্ৰতিমূৰ্ত্তি।

মোৰ হিয়াৰ আমঠুত মহাবীৰ্য্যৱান উত্তপ্ত অগ্নিশিখা, কলিজাটো পুৰিছে ধিয়াই ধিয়াই ভুষ্মিত ছাইৰ অনুৰাগত অনুৰাগী মই নিৰ্লজ্জ অতীষ্ঠ শৃঙ্গাৰী হৈ। তথাপি খোজ মোৰ অনাদিকালৰ পৰা ঐতিহ্যমণ্ডিত ব্যক্তিত্বৰ সান্নিধ্যলৈ।

পথ চাই আছো একাদিক্ৰমে বুকুত আশা লৈ তোমাৰ চঞ্চল অধৰত ফুটিব মোৰ নাম উঠিব শাশ্বত ভাশ্বত উতপ্ত প্ৰেমৰ জোৱাৰ, হদ‌য়ৰ সংসাৰত ফুটিব পুষ্পভদ্ৰা সজ্জিত ওষ্ঠ অধৰত বাজিব সত্যতা,নিষ্ঠা , কৰ্মৰ প্ৰৱণতাৰ ঝংকাৰ।

সেয়াই হ’ব মোৰ হৃদয়ৰ তুৰীয় তৃপ্তি, অনিৰ্বাপিত প্ৰেমৰ দীপশিখা জ্বলিব চিৰ নিৰন্তৰ অনিৰুদ্ধ ভবিষ্যতৰ পথত প্ৰোজ্বল শলিতা অনিৰ্বাণ অগ্নিস্নান জুইকুৰা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page