top of page

অনুভূতি

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

সদ্যস্নাতা তোমাৰ দেহৰ সুবাসত বিচাৰো মাথো কোমলতাৰ সুঘ্ৰাণ।

বৈ পৰা চুলিটাৰিত হাতৰ পৰশেৰে বিচাৰিছো এক মধু সিঁহৰণ।

লাজুকি চকুৰ ভাষাত বিচাৰি ফুৰিছোঁ প্ৰেমাকুলতাৰ আহ্বান ।

মৃদুকম্পিত ওঠত আঁকিব বিচাৰিছো মৰমৰ এটি নিমজ চুম্বন ।

নি:শব্দ দুভৰিৰ খোজত বিচাৰো তোমাৰ প্ৰেমানুভুতিৰ আকুলতা ।

য’ত নিহিত আছে সঁচা প্ৰেমৰ আঁকৰ মৰমৰ আৱেশ ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page