অনুভৱ তুমি মোৰ
- Apr 30, 2021
- 1 min read
কাঢ়ি নিলা তুমি মোৰ দুচকুৰে নিদ্ৰাক ৷ ভাবিবলৈ বাধ্য কৰালা আকুল প্ৰেমৰে সংজ্ঞাক ৷৷ তোমাৰ প্ৰতিটো মান অভিমানেই মোৰ বাবে হয় স্বাভিমান ৷ তোমাক নিজতকৈ বহু বেছি ভাল পাওঁ বাবেই কৰোঁ অভিমান।। সেই অভিমানৰ টোপোলাটো তুমিহে কৰিব পাৰিবা স্পৰ্শ। অনুভৱৰ দলিচাত সংগোপনে বিলাই দিলো মৰমৰ স্পৰ্দ্ধাস্পৰ্দ্ধা।। বিয়াকুল কলিজা প্ৰতিটো উশাহ তোমাৰ নামতেই কৰো অংঙ্কন। আকুল হৃদয়ত প্ৰতিটো স্পন্দনতে মাথোঁ তোমাৰ নামেই কৰো।।




Comments