top of page

“অনুভৱ এক অনামী শিল্পীৰ সত্বা”

এক অনামী শিল্পীৰ প্ৰেমত পৰিছো আকৌ এবাৰ তুলি লৈছো আকৌ এবাৰ বুকুৰ ৰক্ত কনিকা বিয়পাব বিচাৰিছো পৰিস্কাৰ হৈ থকা বগা দিস্তাজোৰা কাগজৰ পাটত তেজৰ ৰং তুলিকা সেই অনামী শিল্পীৰ দৰেই

নীৰবতাৰ গান গোৱা সেই শিল্পী জনাই বিশাল বৰলুইতৰ বুকুত সন্ধান পাইছিল নিৰৱতাৰ আৰু স্বাধীন নহৈও স্বাধীনতাৰ উৎস বিচাৰী পাইছিল সৰ্বহাৰাৰ মাজত

“সুন্দৰ যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে” শিল্পীৰ কাপৰ পৰা নিগৰিত মন্ত্ৰৰ ধ্বনি সেই নিনাদৰ সুৰে সুৰে ঝংকৰিত হৈছিল মানবী প্ৰেমৰ সুস্বাদু ৰস

সেয়েহে সেই অনামী শিল্পীৰ প্ৰেমত পৰিছো নিৰাশাৰ ভৰপূৰ জীৱনৰ দস্তাবেজ সজাবলৈ হাতত তুলি লৈছো সৃষ্টিৰ ৰং তুলিকা

জীয়াই থকাৰ পৰা মৰণলৈ আশাৰ পৰা নিৰাশালৈ আকৌ ঘূৰিব জীৱনৰ চাকনৈয়া ই মাথো আৰম্ভনি হে

ইতিহাসে মাথো ৰিঙিয়াই কৈ যায় সময় সলনি হব পাৰে কিন্ত শিল্পীয়ে দি যোৱা অমৰ গাঠা বোৰ আমাৰ ৰিক্ত হ্নদয়ৰ পৰা মোচখাই নাযায় চিৰ সেউজীয়া, চিৰ নমস্য “সেই শিল্পীৰ অনামী সত্বা”

0 views0 comments

Related Posts

See All

Comentarios


bottom of page