top of page

অনুভৱৰ ৰং

  • Feb 5, 2021
  • 1 min read

চেগুন পাতৰ ৰং সানি নহওঁ মই শুৱনি, পাৰিলে ঘহিম, দুটি ওঠঁত বৰ্হমথুৰি।

হাতৰ তলুৱাত জেতুকা ঘহি কঁপালত সেন্দুৰীয়া তিলক আঁকি।

পলাশে দিব আহি গালে মুখে ৰং সানি দুচকুত কাজল ঘহি।

ঘনে ঘনে দাপোনত চাওঁ নিজৰেই মুখ খনি।

প্ৰভাতী সূৰুযৰ কাঁচিয়লি ৰ’দত, দীঘল চুলি কোছা মেলি, উজ্জ্বলি উঠিব পথৰুৱা আলিৰ দাঁতিত বহি।

এদালি এদালি কৈ উৰিব চুলি ফাগুনৰ বাউলি ব’তাহত হালি জালি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page