অনুভৱৰ মাজত
- Sahitya Chorcha
- Mar 23, 2021
- 1 min read
অনুভৱৰ মাজত বিচাৰো তোমাক, তুমি দূৰলৈ গুচি নাযাবা , চুই চাব বিচাৰোঁ তোমাক , তুমি কিয় বিচৰা অন্য এখন হিয়া! মৌ মাখিয়ে ফুলৰ ৰেণু চুহি লৈ গ’ল, মেল খোৱা পাহি বোৰ লেৰেলি শুকাল।
কব লগা কথা বোৰ পাহৰিলোঁ মই, সময় থাকোতেই নকলোঁ তোমাক, তুমি গুচি গলা বহু দূৰলৈ। মনৰ ভাৱ লাহে লাহে উৱলি গ’ল , জাপিবলৈ নহল বুকুত হিয়া খন হাউলি পৰিল দুখৰ মাজত।
শেতা পৰা মুখ খন চাবলৈ নহল, নিৰাশাই আগুৰি ধৰিলে মোক, সেই বাবে অনুভৱৰ মাজত বিচাৰো তোমাক।
Comments