অনুভৱৰ অনুৰণণ
- Feb 1, 2021
- 1 min read
হঠাৎ শুনিলো মেঘৰ কোলাহল খিৰিকীৰে চাই ৰ’লো বহু পল
ঢপলিয়াই আহিছে বৰদৈচিলা নিমিষতে কৰিব গ্ৰাস সেউজীয়া ঢৰা
হে বৰদৈচিলা হে ডাৱৰ, বিজুলী ঢেৰেকণি মোৰেই শপত, অভিশপ্ত জীৱনক তুমি নিদিবা দুখ, আৰু নিদিবা দুখ
হিয়াৰ আমঠু নয়ন মণিক দিয়া ওভোতাই কৰিছোঁ কাকুতি
তেওঁ বিনে জীৱন আধাৰুৱা
ডাৱৰৰ লগত আছানে তুমি লুকাভাকু খেলি, শুভ্ৰ সাঁজ মণি মুকুতা পিন্ধি
ঢৰালৈ নানামিবা তুমি, নকৰিবা সংহাৰ নয়ন মণি, হে বলিয়া ফাগুন বসন্ত কালতেই হিল-দল ভাঙি বৰদৈচিলাহৈ মাৰ ঘৰলৈ যোৱা এৰিযোৱা মাথোন আমাৰ জোন মণি।




Comments