top of page

অনাথ শিশু মই

  • Sahitya Chorcha
  • Jan 7, 2021
  • 1 min read

ধুলিমাকতিৰ লগত খেলি খেলি জীৱনটো কটাওঁ মই প্ৰকৃতিক আপোন কৰি সুখ, দুখেও প্ৰভাৱিত নকৰে দিন ৰাতিৰ পাৰ্থক্যও হৃদয় নুচুৱে এমুঠি অন্নৰ তৃপ্তিত সৰগ ঢুকি পাওঁ এষাৰি আপোন মাতত চকুলো নিগৰাওঁ ফটা চিটা কাপোৰৰ আৱৰণে মোৰ শুৱনি ঘৰখন তাতে কটাও মই ওমলি জামলি টিপ টিপ বৰষুণত টোপনি ভাঙে, ঘৰখন সামৰি সুতৰি দৌৰো শুকান ঠাই বিচাৰি নাই মোৰ দুখৰ অন্ত কৰাৰ চিন্তা নাথাকে কোনো প্ৰাপ্তিৰ আকাংক্ষা; কেতিয়াবা যদি শৰীৰ বেদনাত অকলশৰে থাকো, হৃদয়খন অজানিতে কিহবাই হাঁহাকাৰ কৰে দেখোন! খালি পেটৰ পুৰণিত ছটফটাই ছটফটাই ভাৱনাতে আইৰ বুকুৰ গৰম আলিঙ্গনত ঢলি পৰো পুৱতি নিশা সাৰ পাই দুধাৰি চকুলো টুকো বিশাল বিশাল অট্টালিকাবোৰ চাই ভাৱ হয় সিহঁতৰ সপোনে বাৰু কি পোৱাৰ আশা দেখে! মোৰ দৰে তৃপ্তিত বাৰু আহাৰ খায়নে! এদিন ঢুকি পোৱা হলে মোৰ নয়নত সামৰি ৰাখিলো হয় এদিন যাব পৰা হলে অনুভৱবোৰ হৃদয়ত বান্ধি আনিলো হয় তাৰ তৃপ্তিৰে গোটেই জীৱন ৰসাল কৰি গঢ়িলো হয় কোনে বা মোক লৈ সপোন ৰচিব! মোক হেৰুৱাৰ ভয়ত কাৰ বা হৃদয় পুৰিব! অনাথ শিশু মই নিবিচাৰোঁ কাৰোয়ে দয়া, সংগ্ৰামেৰে গঢ়িম মোৰ জীৱনৰ কায়া প্ৰফুল্লিত মনেৰে বিচৰণ কৰিম মুক্ত প্ৰকৃতিত বিশ্বখনকে ঘৰ বুলি ভাবিম নাথাকিব মনত কোনো বিভ্ৰান্তি মৰমেৰে মাতষাৰ দিয়া নাৰীক মাতৃ মানিম মূৰত হাত বুলাই আশ্ৰয় দিয়াজনক পিতৃজ্ঞান কৰিম সততাৰ পথ দেখুওঁৱাজনক মানৱ দৃষ্টি ৰাখিম জ্ঞানেৰে সুচি কৰাজনক ঈশ্বৰৰ দৰে দেখিম অনাথ মই হেজাৰজনৰ হৃদয়ত সন্তানৰ স্থান লৈ দহোদিশে উজ্বলি উঠিম এদিন মই ভোঁটা তৰাটো হৈ

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page