top of page

অনুতপ্ত প্ৰহৰ

নাই পাৰ নাই ঘাট নাই কাৰো মিঠা মাত উপলা পৃথিৱী এইখন মাথোন বিষাদ অজানিতে প্ৰেমত পৰি নেচালো ভাৱি গুণি বিছাৰি নেপাওঁ আজি ইয়াত বতাহ

দুচকুত অন্ধকাৰ হিয়াত দুখৰ ভাৰ যাবও নোৱাৰো আজি আগুৱাই প্ৰেমৰ মায়াত পৰি অবাটত দিলো ভৰি আপোন জনেও আজি ঘূৰিয়েই নেচাই

অনুতাপত দহি দহি চকু মেল খালেও আজি ঘূৰি যাবলৈ মোৰ কোনো বাট নাই হাত ভৰি বন্ধা মোৰ মন আন্তৰত নাই জোৰ সময়েও আজি মোক দিয়ে লথিয়াই

ঘোৰ বিপদত পৰি আজিহে চাইছো ভাৱি থাকিব লাগে বিৱেক বুদ্ধি বিচাৰ নিজকে গোপন কৰি গোপনে গ’লে আগবাঢ়ি হেৰাবই সকলো জীৱন হ’বই অসাৰ

1 view0 comments

Related Posts

See All

Comments


bottom of page