অজ্ঞৰ যজ্ঞত সূৰ্য্যৰ সংকট
- Sahitya Chorcha
- Feb 17, 2021
- 1 min read
অজ্ঞৰ যজ্ঞত সূৰ্য্যৰ সংকট মৌন পৃথিৱী ধুম্ৰাচন্ন ভৱিষ্যত
অবিচাৰ অত্যাচাৰত আজি পঙ্গু বাস্তৱ সত্য প্ৰেম ন্যায়ৰ পথ আজি হ’ল বইকত
মধ্যাহ্ন পোহৰতো বুলাই অন্ধকাৰে হাত কৰিলেও লক্ষ্য অৰ্থশূন্য প্ৰতিবাদ
অধৰ্মীৰ অকৰ্মৰে ধ্বংসমুখী ভৱিষ্যত পতনৰ প্লাৱনত প্ৰজ্ঞান নহয় নিষ্কন্টক
অজ্ঞৰ যজ্ঞত সূৰ্য্যৰ সংকট অৱক্ষয়ী মানৱতা সংকটাপণ্ণ ভৱিষ্যত
Comments