অচিন চিনাকি
- Sahitya Chorcha
- Jan 5, 2021
- 1 min read
পৰ্বতীয়া জুৰিটিয়ে কিহৰ সুৰ তানিছে নিৰৱতাৰ, ঠিকেই,নিৰৱ নিস্তব্ধ সেউজৰ মাজেৰে জীৱন্ত গীতৰ কলি, স্হবিৰতাৰ আলোকৰ বন্যাৰে চিনাকি সুহুৰিটো লুকাই যোৱাৰ অঘোষিত আখৰা।
ফেচবুক ডায়েৰীৰ প্ৰথম পৃষ্ঠা সুপ্ৰভাত, হয়,সেই কোমল পুৱাত নিটৌ বিৰিঙি উঠে কল্পনাৰ দীপ্ততা আৰু ত্যাগৰ সৌন্দৰ্যতা, নিয়ৰ গছকি, দুহাতেৰে বাউলী এক যেন মন্দাকিনী স্নেপ।
যৌৱনৰ অচিন চিনাকি তুমি বৰ অভিমানি, ধেত নহবনো কিয় যৌৱনৰ তৃঞ্চাতুৰ প্ৰাণত যিমান খিনি মাধুৰ্যৰ প্ৰয়োজন সকলো সঞ্চিত তোমাৰ স্নেহাসিক তৃপ্ত হৃদয়ত, অচিন হৈও যেন বৰ চিনাকি তুমি।
Comments