top of page

অচিনাকি হাঁহি

  • Dec 31, 2020
  • 1 min read

পুৱা সবিতাৰ কিৰণত ফুলি উঠিল, দুটি ওঠঁৰ মিচিকিয়া হাঁহি। তোমাৰ কবিতাৰ প্ৰতিটো শব্দত বিচাৰি পাওঁ প্ৰেমৰ এনাজৰী। এজাক বতাহে আহি কাঢ়ি নিলে শব্দৰ গাঠনি। অস্ত যোৱা বেলিৰ শেষ প্ৰহৰত কেচ বচা ৰিহাৰ আচলত মুখ লুকুৱাই জুমি জুমি চাওঁ। আহিবানে আকৌ তুমি? আছুটীয়া কৈ ৰাখিছোঁ তোমাৰ স্মৃতি! দিবানে সহাৰি মোৰ সপোনৰ কাৰেঙত উমলি আছে, তোমাৰ দুটি ওঠঁৰ হাঁহি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page