অচিনাকী বনৰীয়া হাবি
- Dec 28, 2020
- 1 min read
শীতৰ সিক্ত পথত বনৰীয়া হাবিৰ মাজেৰে মোৰ অবিৰাম যাত্ৰা দুভৰিত লতা বোৰে মেৰিয়াই ধৰে। এচপৰা শুকুলা শিলৰ ফাঁকত শুকান পাতৰ বিননী, দুচকুৰ সপোন বোৰ অকালতে যায় মৰহি। কোনে নিব কাঢ়ি শুকান পাতৰ বেদনা সিক্ত এবুুকু দুখ। শুকান পাতৰ বিষাদ মনৰ দুমোজাত পৰি নিৰলে চাই ৰলোঁ, এচপৰা শুকুলা শিলত বহি।




Comments