top of page

অকল্পনীয় বাস্তৱ

সপোন সপোন লগা এটি পৰিবেশ মোৰ হাতত এখন কিতাপ! কিতাপখনৰ লিখক মইয়েই! মোৰ এখন কিতাপ ওলাব, কিতাপখন উন্মোচন কৰিব, এইবোৰ আছিল অবাস্তৱ কল্পনা! কিন্তু! কল্পনা বাস্তৱ হ’ল| সচাঁকৈয়ে আহি পৰিল দুখনকৈ কিতাপ মোৰ হাতলৈ! কথা এষাৰ মনলৈ আহিছে, “য’তে ইচ্ছা ত’তে বাট|” মানুহৰ আন্তৰত ইচ্ছা জাগিলে সমাধানৰ পথও মুকলি হয় | ভগৱান প্ৰদত্ত প্ৰতিভা থাকিলে ভগৱানেই বিকাশৰ পথ আনি দিয়ে | বহুত কল্পনা ,বহুত আশা বুকুত বান্ধি সৃজনীশীলতাৰে আগবাঢ়ি গৈছিলো কৈশোৰৰ পৰা ; সঞ্চিত কৰিছিলো সৃষ্টিৰাজি, উৎসাহ নাছিল , মাত্ৰ অনুভৱক লিখিত ৰূপ দিছিলো উকা কাগজৰ বুকুত ; পৰিবেশ -পৰিস্থিতিত অসম্ভৱ আছিল এইবোৰ সকাৰ ৰূপ দিয়াৰ | ভগৱানক মাত্ৰ অভিযোগ কৰোঁ,” বিকশিত নোহোৱা প্ৰতিভা দিছা কিয় ? “ ভগৱানৰ সুদৃষ্টি আহি পৰিছিল , পঠাই দিলে মানৱৰূপী দূত সৃষ্টি হ’ল অকল্পনীয় বাস্তৱ যিটো সন্মুখত দেখিলে অনুভৱ হয় সপোনৰ আমেজ |

1 view0 comments

Related Posts

See All

Comments


bottom of page