top of page

অকথ্য নিৰ্ঘাট বাস্তৱৰ দুৰ্লক্ষ্য মিছিল

দৃশ্যপট ১

মানুহগৰাকীৰ বয়স সত্তৰ উৰ্ধত হব, হাত দুখন কঁপি থাকে , মাত বোৰও কঁপা কঁপা। প্ৰায়ে মোৰ চেম্বাৰলৈ আহিছিল। বহুমূত্ৰ, উচ্চ ৰক্তচাপ আৰু কেবাটাও আনুসংগিক ৰোগত আক্ৰান্ত তেওঁ। নিতৌ প্রায় সাত আঠটা ঔষধ খাব লাগে। চাই চিটি দৰবৰ কাগজ খন লিখি দিওঁ আৰু তেৱোঁ মোক এটা নমস্কাৰেৰে কৃতজ্ঞতা জনাই যায় গৈ। এদিনৰ কথা, দৰৱ লিখি দিয়াৰ পাছত তেওঁ মোক ক’লে “ছাৰ, মই আপোনাক আজি ফীজ টো দিব নোৱাৰিম, বেয়া নাপাব। এইমাহৰ মেনতেনেইনঞ্চ টো পোৱাত পলম হৈছে।” মই ক্ষন্তেক সময় তেওঁলৈ ভেবা লাগি চালো। দৰমহা পোৱা নাই, পেঞ্চন পোৱা নাই আদি শব্দবোৰ শুনিছো। কিন্তু মেনতেনেইনঞ্চ পোৱা নাই বুলি সিদিনা প্ৰথম শুনিলো। উৎসুকতাৰে কথাটো জানিব বিচৰাত তেওঁ মোক তেওঁ জীৱনৰ সেই দুৰ্ভাগ্যজনক জীয়া কাহিনী বোৰ কৈ গ’ল – তেওঁৰ দুটা ল’ৰা, ছোৱালী নাই। দেউতাক ঢুকুৱাৰ পাছত বৰ কষ্টৰে দুয়োটা ল’ৰাক পঢ়ুৱাই শুনাই ডাঙৰ কৰিলে। ডাঙৰ ল’ৰা এতিয়া গুৱাহাটীত থাকে, চাকৰি কৰে। তাতে ঘৰ দুৱাৰ কৰিলে। সৰু ল’ৰা ডিব্ৰুগড়তে থাকে, বেংকত চাকৰি কৰে। তাৰ পত্নীও চৰকাৰী হস্পিটেলত নাৰ্ছ। বুঢ়ী ডিব্ৰুগড়ৰ দাঁতি কাষৰীয়া গাঁৱৰ ঘৰত সম্পূৰ্ণ অকলশৰীয়া। প্ৰথম অৱস্থাত দুয়োটা ল’ৰা আহিছিল, মাকৰ খবৰ লৈছিল, টকা পইচাও কিছু দি গৈছিল । লগত লৈ যোৱা কথাও কৈছিল কিন্তু তেওঁহে গাঁৱৰ মোহ এৰি চহৰৰ অচিন পৰিবেশলৈ যাব বিচৰা নাছিল। বোৱাৰী অহাৰ পাছৰ পৰা লাহে লাহে পট পৰিৱৰ্তন ঘটিল। লৰাহঁতৰ আহযাহ কমি আহিল , লাহে-লাহে পইচা পাতি দিয়াটোও বন্ধ হৈ গল। ফোন কৰিলেও বেছি সময় কথা পাতিব নিবিচাৰে। আত্মসন্মানী বুঢ়ীগৰাকীয়েও ল’ৰা ওচৰত হাত পতাতকৈ নিজৰ জীৱিকাৰ খৰছ নিজেই উলিওৱাৰ কথা চিন্তা কৰিলে। বাৰীৰ তামোল পান, নেমু জলকীয়া বেছিলেও তেল, নিমখ আৰু চিকিৎসাৰ খৰছ উলিওৱাত অসুবিধা নহৈছিল। তেনেদৰে কিছুদিন চলিল। বুঢ়ীৰ অৱস্থা দেখি সমন্ধীয় এজন উকিল তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল। উকিলৰ পৰামৰ্শ মতে তেওঁ দুই পুত্ৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰিলে। মহামান্য আদালতে দুই পুত্ৰক মাতৃৰ ভৰণ পোষণৰ বাবে এক নিদিষ্ট পৰিমাণৰ ধন ৰাশি প্ৰতি মাহে আদালতত জমা দিব বাবে নিৰ্দেশ দিলে। সেই টকাৰ কথাই তেওঁ “মেনতেইনেঞ্চ” বুলি উল্লেখ কৰিছিল। কথা খিনি শুনি মনটো মোৰ সেমেকি উঠিল। বৃদ্ধাক কলো “আইতা, ফিজৰ কথা চিন্তা কৰিব নালাগে। আপুনি মোৰ ওচৰত আহি থাকিব। মই চাই দিম “বুঢ়ী গৰাকীয়ে হুক হুকাই কান্দি উঠিল” বোপাই , মোৰ ল’ৰা যদি তোমাৰ নিচিনা হল হেঁতেন।……”

দৃশ্যপট ২ 

আই চি উৰ পাঁচ নম্বৰ বিচনাত আশীতিপৰ মুৰ্মুষ বৃদ্ধা গৰাকী যেন কিছু ব্যতিক্ৰমী। সাধাৰণতে চিৰিয়াছ ৰোগী ভৰ্ত্তি থাকিলে জোখত কৈ বেছি পৰিয়ালৰ মানুহে হস্পিটেলত অযথা ভিৰ কৰা দেখা যায়। ভিন্ন জনে ভিন্ন প্ৰশ্নৰে ডাক্তৰক ব্যতিব্যস্ত কৰে। কিন্তু এইগৰাকী ৰোগীৰ লগত কোনো নাই, ডাক্তৰক “কামুৰি বলৈও” কোনো নাই। নাৰ্ছয়ে জনালে যে পুতেক এজন সদায় আহে, দৰৱ জাতি কিনি দি যায়, খোৱা বস্তুও নাৰ্চৰ হাততে দি যায়। দুদিনৰ পাছত এজন আদ বয়সীয়া মানুহ মোৰ কোঠাত সোমাই আহিল, “ছাৰ, বুঢ়ী আৰু কিমান দিন মান থাকিব?”

  1. “আপুনি কাৰ কথা কৈছে?”

  2. “আই চি উ ফাইবৰ বুঢ়ী জনী মোৰ মা হয়। বৰ জমেলাত ফচিলো ছাৰ বুজিছে। এফালও নোহোৱা হল সিফালো নোহোৱা হ’ল। পদুম নগৰত ঘৰ বনাই আছো। বৃহস্পতি বাৰে শ্বট ঢেলাই দিয়া কথা ভাবিছিলো, পাৰিম নে বাৰু? “একে উশাহতে কথা কিনি কৈ পেলালে , সময় নাই।

মোৰ নামৰ আগত ডাঃ আৰু নামৰ পাছত ডিগ্ৰী কিছুমান লাগি আছে বাবে কিছুমান কাম কৰিব নোৱাৰো। নহলে তাক মই সিদিনা চুই কিলাব মন গৈছিল।

দৃশ্যপট - ৩ 

এইয়া আকৌ এক বিপৰীত অভিজ্ঞতা। ৰোগী জন আই চি উত ভৰ্তি আছে। জটিল ৰোগ। এগৰাকী মহিলাই আই চি উৰ পৰা ওলাই আহোতেই মোক আগছি ধৰিলে “ছাৰ মোক আই চি উৰ ভিতৰত থাকিবলৈ পাৰ্মিচন দিয়ক না। মই বিয়া হৈ যোৱা ছোৱালী। হাচবেণ্ড, লৰা ছোৱালী এৰি এই বিপদৰ সময়ত দেউতাৰ লগত থাকিম বুলিয়েই আহিছো। প্লিজ ছাৰ।” মনটো বেয়া লাগি গল নাৰ্ছক ক’লো যাতে মানুহ গৰাকীক ভিতৰত থাকিবলৈ দিয়া হয়।

দুদিনমানৰ পাছত কতব্যৰত নাৰ্ছ গৰাকীয়ে কলে “ছাৰ, এই মানুহজনী মানি গৈছো দেই। দিনে নিশাই দেউতাকৰ লগতে লাগি থাকে। খুৱাই দিয়া, পেচাব পাইখানা চাফা কৰা, গা মুচি দিয়া, হাত ভৰি পিটিকি দিয়া সকলো কৰি থাকে। ৰাতিও টুল এখন লৈ কাষতে বহি হাত মূৰ পিটিকি থাকে। আমি কওঁ বাইদেউ আপুনি কেবিনত শুই থাকক, দৰকাৰ হলে মাতি দিম, কিন্তু নাযায়।”

ৰোগীজন প্ৰায় এমাহৰ ওচৰা আচৰি হস্পিটেলত থাকিল। দিনে ৰাতিয়ে দেউতাকৰ যত্ন লৈ ছাঁ টোৰ দৰে লাগি থাকিল ছোৱালী জনী। অৱশেষত হস্পিতালৰ পৰা ছুটি দিব পৰাকৈ মানুহজন আৰোগ্য হল। ছুটীৰ দিনা মানুহ গৰাকীয়ে আই চি উৰ নাৰ্ছ, ৱাৰ্ড বয় সকলোকে মিঠাই বিলালে। এখন গামোচা আৰু তামোল পান দি মোক সকলোৰে সন্মুখতে সেৱা কৰিব বিচৰাত মই কিছু অস্বস্তি অনুভৱ কৰিছিলোঁ। অজানিতে মোৰ দুচকুৰে দুধাৰী চকুলো বৈ আহিছিল। আনন্দৰ চকুলো …..

পৰিশিষ্ট 

দুদিন মানৰ আগৰ কথা। এখন হস্পিটেললৈ গৈছিলোঁ, ৰোগী চাবলৈ নহয়, মোৰ বন্ধু এজনৰ এটা কন্যা সন্তান জন্ম হ’ল, উপহাৰৰ টোপোলা এটা লৈ খবৰ লবলৈ গ’লো। বন্ধুৰ মনটো ইমান ভাল নহয়। কথাৰ প্ৰসংগত আচল কথাটো কৈয়েই পেলালে” এইবাৰ ল’ৰা এটা হোৱা হলে ভাল লাগিল হেঁতেন।” তেওঁৰ আগৰ এজনী ছোৱালী আছে। মই তেতিয়া বন্ধুক উপৰোক্ত তিনিওটা কাহিনী শুনালো, বন্ধুৰ মনটো কিছু ফৰকাল হোৱা যেন অনুমান হ’ল। নবজাতক কন্যা সন্তানটিক হিয়া উজাৰি আশীৰ্বাদ দি বন্ধুৰ পৰা বিদায় ললোঁ।

0 views0 comments

Comentarios


bottom of page