Jul 26, 20211 min

হেৰুৱা কুমল পৰশ

অচিন হেঁপাহবোৰ
 
হুমুনিয়া হয়
 
সপ্নৰ ভগ্ন
 
দাপোনত ওলমি ৰয়।

তাই অনুভৱত
 
দোলন দিয়ে যেতিয়া
 
অনুভৱৰ হাতত ধৰি
 
লিখো প্ৰেমৰ মালিতা।

গভীৰ অনুভৱত…..
 
ডুবি থাকো…..
 
কিবা পাবৰ বাবে
 
কিবা হেনু হেৰুৱাব লাগে

নিজকে হেৰুৱাওঁ তাত
 
বাৰে বাৰে…..
 
পাওঁ যেন তাইক কবিতাতে
 
জীৱনে মৰনে।

হেৰুৱা কোমল পৰশ
 
শব্দৰ সিৰে সিৰে।

#assamesekobita #axomiyakobita #heruwakumalparash #SahityaChorcha

    00
    0