Jan 19, 20211 min

সেউজীয়া সুৱাস

সুনীল আকাশৰ সেউজীয়া সুৱাস
 
আকুল ব্যাকুল আত্মা আধাৰিত
 
পৰমাত্মাৰেই পৰমাত্মিক প্ৰণয় প্ৰদীপ্ত
 
বৰ্ণিল প্ৰকাশ

তীব্ৰপ্ৰেম আৰু উচ্ছল প্ৰজ্ঞাৰে বিস্তীৰ্ণ
 
অনন্ত নিত্য অচিন্ত্য বৰ্ণিল বসন্ত য’ত
 
সুৰম্য চৈতন্যস্বনিত ভক্তিপ্ৰেম বৈৰাগ্যৰে
 
নিৰ্মল নিৰৱকাশ

#Assamesestabak #assamesseshyari #SahityaChorcha

    10
    0